ছাত্ৰ একতা সভা যুৱ-ছাত্ৰ পৰিষদৰ দখলত

চিচিবৰগাঁওঃ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত যুৱ-ছাত্ৰ পৰিষদৰ কেইবাগৰাকী প্ৰাৰ্থী বিজয়ী হয়৷

যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থিত সাধাৰণ সম্পাদক পদত মৌচুম বৰগোহাঞি সাংস্কৃতিক সম্পাদিকা হেপী গগৈ আৰু আলোচনী সম্পাদক হিচাপে দিচাংকৰ দিহিঙীয়াই বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাই সংগঠনটোৱে।

সম্বৰ্ধনা অনুষ্ঠানত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়া, উপদেষ্টা নৃপেন ভিতৰুৱাল কোৱঁৰ, সাংস্কৃতিক সম্পাদক পুলেন দাস, জিলা কাৰ্যনিৰ্বাহক দুলেশ্বৰ বাইলুং আৰু সদৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়া উপস্থিত থাকে।