কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী সোণোৱাল

নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ বুধবাৰে সামৰণি পৰে৷  কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে৷

সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি আমি আমাৰ ঐতিহ্য ধৰি ৰাখিব লাগিব বুলি কয়৷ অনুষ্ঠানত স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেএী সমষ্টিৰ বিধায়ক নৰায়ণ ডেকা, ৰাজ্যিক সাধৰন সম্পাদক দিলীপ শইকীয়া, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা প্ৰমুখ্যে জিলা বিজেপিৰ ভালেসংখ্যক নেতা৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আঁচনি সাজু কৰি জমা দিয়াৰ বাবে আহ্বান জনাই৷ বিশ্ববিদ্যালয়খন ভাৰতবর্ষৰ ভিতৰতে উন্নত মানৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰিব বুলি কয় অসম চৰকাৰে।