ধুহিৰ ফুটবলত ফাইনেলত বালিসত্ৰ

তুলসীবাৰীঃ ধুহি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবা-নৈশ ফুটবল প্ৰতিযোগিতাত বুধবাৰে প্ৰথম খন ছেমিফাইনেলত বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থা আৰু কেতেকীবাৰী জ্ঞানদা সংঘই অংশ গ্ৰহণ কৰে।

উত্তেজনাপূৰ্ণ খেল খনত বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাই কেতেকীবাৰী জ্ঞানদা সংঘক ১-০ গলত পৰাস্ত কৰি বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাই ফাইনেলত প্ৰৱেশ কৰে। অহা ১৭ নৱেম্বৰৰ দ্বিতীয় ছেমিফাইনেলত অৱৰ্তীণ হ’ব হাজো ইউনাইটেড এছ চি আৰু ডিমু-ডোবক ফুটবল একাদশে।