মাদানী-হীৰেন গোহাঁইৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ

প্ৰতিকী ফটো
প্ৰতিকী ফটো

দেৰগাঁওঃ বুধবাৰে দেৰগাঁও আৰক্ষী থানাত দেৰগাঁৱৰ ৰিপুল দাস নামৰ এজন যুৱকে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই আৰু জমিয়তৰ নেতা আৰ্শ্বাদ মাদানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ৰিপুল দাসে দেশৰ সাৰ্বভৌমত্ব অক্ষুন্ন ৰখাৰ স্বাৰ্থতেই গোচৰ ৰুজু কৰা হৈছে বুলি কয়৷

বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই আৰু জমিয়তৰ নেতা আৰ্শ্বাদ মাদানীৰএই সম্পৰ্কত ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীলৈ এজাহাৰ সহ স্মাৰক পত্ৰ প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাব বুলি কয় ৰিপুলে৷ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানীয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া

আজিও অব্যাহত থকাৰ সময়তে ৰাজ্যৰ-দল সংগঠন ৰাজ পথলৈ ওলাই আহি মাদানীৰ মন্তব্যৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে দেৰগাঁৱৰ ৰিপুল দাস নামৰ যুৱকজনে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই আৰু জমিয়তৰ নেতা আৰ্শ্বাদ মাদানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ স্মৰ্তব্য য়ে, সোমবাৰে দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে  NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷

উক্ত সভাত ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সাংবাদিক উপস্থিত থকাৰ লগতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই উপস্থিত আছিল৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷