নগাঁৱৰ 'প্ৰথম'ৰ চিত্ৰাংকন আৰু গণিত অলিম্পিয়া

নগাঁওঃ দেশৰ অন্যতম অগ্ৰণী বেচৰকাৰী সংস্থা 'প্ৰথম এডুকেচ’ন ফাউণ্ডেচ’ন'-এ বিগত প্ৰায় কুৰি বছৰ কাল ধৰি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে স্থানীয় ৰাইজৰ সহযোগত যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধিৰ লগতে প্ৰাথমিক শিক্ষাৰ মান অধিক উন্নত কৰাৰ অৰ্থে নানা কাৰ্যব্যৱস্থা গ্ৰহন কৰি আহিছে৷ নগাঁও জিলাটো সংস্থাটোৰ এটি গোটে যোৱা ২০০৮ চনৰে পৰা উক্ত অতি গুৰুত্বপূৰ্ণ বিষয়টিৰ ওপৰত বৰ্তমানলৈকে ধাৰাবাহিকভাৱে নানা কাৰ্যসূচী ৰূপায়ণ কৰি অহা দেখিবলৈ পোৱা গৈছে ৷

ঘাইকৈ জিলাখনৰ খাগৰিজান শিক্ষা খণ্ডৰ এলেকাধীন গ্ৰামাঞ্চলবোৰত সংস্থাটোয়ে ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ শিশুসকলৰ গুণগত শিক্ষাৰ উত্তৰণৰ কাৰণে বিভিন্ন পন্থা গ্ৰহন কৰি আহিছে ৷ইয়াৰ অংশহিচাপে মঙলবাৰে সংস্থাটোয়ে শিশু দিৱসৰ লগত সংগতি ৰাখি খাগৰিজান শিক্ষা খণ্ডৰ এলেকাধীন ২৬ খন বিদ্যালয়ক সামৰি মুঠ ৫ টা স্থানত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু গণিত অলিম্পিয়া অনুষ্ঠিত কৰে ৷

শিক্ষা খণ্ডটোৰ বিভিন্ন বিদ্যালয়ৰ ১৮০ গৰাকী নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰা এই প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক পুৰস্কাৰ হিচাপে কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷উক্ত প্ৰতিযোগিতাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত নেতৃত্ব প্ৰদান কৰে প্ৰথমৰ জিলা সমন্বয়ক মুকুট বৰাৰ লগতে খণ্ড সমন্বয়ক প্ৰসন্ন মহন্ত,লক্ষী কাকতি,ৰুহিত বৰা আৰু লুইত মহন্তই৷