লখিমপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

লালুকঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ জিলা জন সৰ্ম্পকৰক্ষী বিভাগৰ সহযোগত আজি লখিমপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন৷

জিলা উপায়ুক্তৰ সভা কক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি "সংবাদ মাধ্যমৰ সন্মুখত প্ৰত্যাহ্বান" শীৰ্ষক এখন আলোচনা চক্ৰ অনুস্থিত হয়৷ আলোচনা চক্ৰত উদ্বোধন কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত বৰুণ ভূঞাঁই৷

জিলা জন সৰ্ম্পকৰক্ষী বিষয়া সঞ্জীব কুমাৰ বৰাই আতঁধৰা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ দিগন্ত হাতীবৰুৱা উপস্থিত থাকে৷ আলোচনা চক্ৰত জিলাখনৰ বান্দৰদেৱা, লালুক, বগীনদী আৰু জিলা সদৰৰ সাংবাদিক সকল উপস্থিত থাকে৷