ইন্দ্ৰাণীৰ বিস্ফোৰণ, পিটাৰে অপহৰণ কৰিছিল শ্বীনাক, স্বামীক কলে ‘Don't talk to me’

ডিজিটেল ডেস্কঃ গৰ্ভজাত সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীৰ এখন চিঠি চৰ্চালৈ আহিছে৷ জেলৰ মূধচত উঠি আন্দোলনকাৰীৰ ৰূপ লোৱাৰ লগতে জেইলৰ ভিতৰত মহিলা কয়দীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি জেলৰ ভিতৰত থাকিও সময়ে সময়ে শিৰোনামা দখল কৰি আহিছে ইন্দ্ৰাণীয়ে। এইবাৰ স্বামীৰ বিৰুদ্ধ শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ইন্দ্ৰাণীয়ে৷

শ্বীনা বৰা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আৰু শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰানী মুখাৰ্জীয়ে স্বামী পিটাৰ মুখাৰ্জীৰ বিৰুদ্ধে এই বুলি তেঁওৰ পৰিয়ালে অতি সুপৰিকল্পিত ভাৱে ইন্দ্ৰানী মুখাৰ্জীক শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি চিঠি আকাৰে আদালতক অৱগত কৰে। এই অভিযোগৰ পিচত শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্তই এক নতুন গতি ল'ব বুলি ভবা হৈছে। যোৱা সপ্তাহত তেঁও স্বামী পিটাৰ মুখাৰ্জীক "Don't talk to me" বুলি সাৱধান কৰি দি এই তথ্য সদৰি কৰে।

উল্লেখযোগ্য যে, ২০১২ চনতেই শ্বীনা বৰাৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সেই হত্যাৰ অভিযোগত স্বামী-স্ত্ৰী দুয়ো কাৰাবন্দী হৈ আছে।যোৱা বুধবাৰে ইন্দ্ৰানী মুখাৰ্জীয়ে মুম্বাই উচ্চ ন্যায়ালয়ক এইবুলি কয় যে তেঁওৰ স্বামী পিটাৰেই শ্বীনাক অপহৰণ কৰি নিৰুৰ্দিষ্ট কৰিছিল। বিশেষ চিবিআই আদালতত দিয়া হাতে লিখা পত্ৰত ইন্দ্ৰানী মুখাৰ্জীয়ে শ্বীনা বৰাই নিজে যিসকলক বিশ্বাস আৰু ভৰষা কৰিছিল তাই সেই সকলৰেই হিংসা, জেদ, ইৰ্ষা আৰু বিশ্বাসঘাতকতাৰ বলি হ'ল বুলি উল্লেথ কৰে। কন্যাহন্তা মহিলাগৰাকী এতিয়া আছে মুম্বাইৰ বাইকুল্লা কাৰাগাৰত। একালৰ ভাৰতীয় টেলিভিছন জগতৰ অখণ্ড প্ৰতাপী মহিলাগৰাকী এতিয়া কয়দী।