
গুৱাহাটীঃ দেশৰ সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ দায়িত্বশীল সংবাদ মাধ্যমৰ অস্তিত্ব বজাই ৰাখি মানুহৰ ভালৰ বাবে বাতৰি প্ৰকাশৰ বাতাবৰণ গঢ়ি তুলিবলৈ আকৌ এবাৰ শপত লোৱা পৰিলক্ষিত হ’ল সাংবাদিকসকলক৷
সাংবাদিকৰ সুৰক্ষা, আৰ্থিক পৰিস্থিতি, প্ৰকৃত স্বাধীনতা সুনিশ্চিত কৰিবলৈ, তথা সজাগতা সৃষ্টিৰ বাবেই ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰা হয়। সাংবাদিকতাৰ পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থক সাৰোগত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰখাৰ বাবে ১৬ নৱেম্বৰত ভাৰতৰ তথা অসমৰ সাংবাদিকে নিজকে পুনৰ এটি বছৰৰ সাজু কৰে৷
বিভিন্ন মাধ্যমত জড়িত সাংবাদিকল সকল ১৯৬৬ চনত সাংবিধানিক সংস্থা ৰূপে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ স্থাপন কৰিছিল। এই দিনটোকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ অসমত উজনি-নামনিত বিভিন্ন জিলাৰ প্ৰশাসনৰ উদ্যোগত প্ৰেছ দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে ৱেব মিডিয়াকে ধৰি সকলো সংবাদসেৱীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হ'ল মুক্ত আৰু দায়বদ্ধ সংবাদ সেৱাৰ প্ৰতীক বুলি কয় মুখ্যমন্ত্ৰীয়ে৷