তেজপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

তেজপুৰঃ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰা হয়। সাংবাদিকতাৰ পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থক সাৰোগত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰখাৰ বাবে ১৬ নৱেম্বৰত প্ৰেছ দিৱস পালন কৰা হয়৷

জিলাখনৰ কেইবাটাও সাংবাদিক সংগঠনৰ সহযোগত জিলা পুঠিভৰালত অনুষ্ঠিত হয় প্ৰেছ দিৱস৷ প্ৰেছ দিৱসত সাংবাদিকৰ আৰ্থিক অৱস্থাৰ লগতে সাংবাদিকসকলে জনসাধৰনৰ সেৱাত আগবাঢ়িব যাব লাগিব বুলি কয় বক্তাসকলে৷ অনুষ্ঠানক কেইবাটাও প্ৰেছ ক্লাৱৰ সাংবাদিক উপস্থিত থাকে৷

কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে বিশিষ্ট সাংবাদিক নগেন শইকীয়াই আৰু অসম চৰকাৰৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে স্মৃতি তৰ্পণ কৰে। মুকুলি সভা উদ্বোধন কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই৷ সাংবাদিক পংকজ বৰুৱাই আঁত ধৰা সভাত বিধায়ক বৃন্দাবন গোস্বামী, সাংবাদিক নৰেন বৰা, বসন্ত বৰুবা, যতীন্দ্ৰ নাথ দুৱৰা উপস্থিত থাকে৷