
গুৱাহাটীঃ ৩১ ডিচেম্বৰত প্ৰকাশ নাপায় NRCৰ খছৰা৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় এই কথা স্পষ্ট কৰে এখন পত্ৰ যোগে৷ ৩১ ডিচেম্বৰৰ পৰিবৰ্তে ৭ মাহ পিছত ২০১৮ বৰ্ষৰ ৩১ জুলাইত প্ৰকাশ কৰিব বুলি শপতনামা দাখিল কৰে কেন্দ্ৰীয় চৰকাৰে৷ একাংশ লোকৰ অৱহেলাৰ বাবে তথা সংগঠনৰ বাবে NRC সম্পূৰ্ণ কৰাত আউল লগা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে যদিও চৰকাৰৰ সদিচ্ছাক লৈয়ো প্ৰশ্ন উত্থাপন হ’ব ধৰিছে৷
কিয়নো যোৱা বৃহস্পতিবাৰে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়লয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কাম সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছিল ৯ নৱেম্বৰত৷ ৯ নৱেম্বৰত NRC সন্দৰ্ভত উচ্চতম ন্যায়লয়ে শুনানি গ্ৰহণ কৰিছিল৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ কিয়নো NRCৰ খছৰা প্ৰকাশৰ দিন আছিল ৩১ ডিচেম্বৰ৷
কিন্তু ৩.২১ কোটি আবেদনৰ ১.২১ কোটিৰ পৰীক্ষণ হোৱা নাই বুলি জনাইছিল NRC কৰ্তৃপক্ষই৷ দীৰ্ঘদিনীয়া এটি সমস্যা সমাধানৰ দিশে আগবঢ়াৰ লগতে ৩১ ডিচেম্বৰ ইতিহাসৰ এটি গৌৰৱময় দিন হিচাপে পৰিগণিত হ’ব বুলি সকলোৱে বাট চাইছিল ৩১ ডিচেম্বৰৰ দিনটোলৈ৷ কিন্তু NRCৰ লাখ লাখ নথি-পত্ৰ পৰীক্ষণ আজিও কৰিবলৈ বাকী থকাত ৩১ ডিচেম্বৰত খচৰা প্ৰকাশ নকৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল৷ কিন্তু বৃহস্পতিবাৰে কেন্দ্ৰ চৰকাৰ ৩১ ডিচেম্বৰৰ পৰিবৰ্তে ৩১ জুলাইত NRCৰ খচৰা প্ৰকাশ পাব বুলি থিৰাং কৰে৷