ৰঙিয়াত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াত ৰঙিয়া প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে। দিনৰ ১১ বজাত ৰঙিয়া প্ৰেছ ক্লাবত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰেছ ক্লাবৰ সভাপতি অঞ্জন জ্যোতি পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত উদ্দেশ্যে ব্যাখ্যা কৰে প্ৰেছ ক্লাবৰ সম্পাদক ফাৰুক হুছেইনে।

আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰঙিয়া প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা শংকৰদেৱ সংঘৰ প্ৰদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক মুক্তি যোদ্ধা সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰ, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীনন্দ্ৰ বৰদলৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস।

আলোচনা চক্ৰত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু সাংবাদিকৰ সুৰক্ষাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আনহাতে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া, ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্য সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত ৰঙিয়াৰ মহকুমাধিপতিগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সন্দৰ্ভত ভাষণ আগবঢ়ায়৷