
চামগুৰিঃ প্ৰাক্তন মুখ্যমন্ত্ৰী, অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই বৃহস্পতিবাৰে নিজ সমষ্টিত অনুদান বিতৰণ কৰে৷ প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পাৰিলে সমাজখন অৰ্থনৈতিক ভেঁটি টনকিয়াল হ'ব৷ প্ৰতিটো আত্মসহায়ক গোটৰ মহিলাই পাঁচ বছৰৰ ভিতৰত এক লাখ টকাকৈ ঋণ লাভ কৰিবলৈ সক্ষম হ'ব৷
এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ৷ বহস্পতিবাৰে বঢ়মপুৰ শ্বহীদ ভৱন প্ৰাংগনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মাজত ঘূৰ্ণীয়মান পুঁজি, সাময়িক বিনিয়োগ পুঁজি আৰু বেংকৰ ঋণ প্ৰদানৰ উদ্দেশ্য আয়োজন কৰা সভাত মহন্তই অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল হ'বলৈ হ'লে মহিলাসকল আৰ্থিকভাৱে আগবাঢ়ি যোৱাটো প্ৰয়োজন বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷
বঢ়মপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত বহুকেইটা আত্মসহায়ক গোটক ১৫ হাজাৰ টকাকৈ ঘূৰ্ণীয়মান পুঁজি, ৫০হাজাৰকৈ সাময়িক বিনিয়োগ পুঁজি প্ৰদান কৰাৰ উপৰিও ১১টা আত্মসহায়ক গোটৰ মাজত ১০লাখ টকাৰ বেংক ঋণ প্ৰদান কৰে৷ বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুকিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাতেই ৭০টা গ্ৰাম্য সংগঠনক টেবলেত বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷
উল্লেখ্য যে,আত্মসহায়ক গোটৰ পাঁচ শতাধিক মহিলা আৰু গ্ৰাম্য সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত নগাঁও জিলা অগপৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰা,নগাঁও জিলা প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ আৰু খণ্ড প্ৰকল্প বিষয়া চন্দন বৰবৰাৰ উপৰিও বহুকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷