চিমেন চাপৰিৰ মৰমী খাটোৱালৰ ধৰ্ষণ-হত্যাৰ অভিযোগত এজনক আটক

জোনাইঃ বুধবাৰে ধেমাজি জিলাৰ চিমেন চাপৰিৰ মৰমী খাটোৱালক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ এই জঘন্য ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বাবা বৰা নাম যুৱক এজনক আটক কৰিবলৈ সক্ষম হয় চিমেন চাপৰি আৰক্ষীয়ে৷

চিমেন চাপৰিৰ মৰমী খাটোৱালক নিজা ঘৰত দৰিদ্ৰ কুমুদ খাটোৱালৰ পত্নী মৰমী খাটোৱালক  ধৰ্ষণ কৰি কেৰাচিন ঢালি জ্বলাই দি হত্যা কৰিছিল৷ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা চিমেন চাপৰি আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত লোকক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল৷

বৃহস্পতিবাৰে গোপন সুত্ৰৰ পম খেদি চিমেন চাপৰিৰ আৰক্ষীৰ এটা দলে চিমেন চাপৰি বাঘ গাঁৱত আত্মগোপণ কৰি থকা অৱস্থাত চিমেন চাপৰি চিমেন চাপৰি থানাৰ অন্তৰ্গত বৰুৱাবালি গাঁৱৰ অজিত বৰুৱাৰ পুত্ৰৰ ৰঞ্জিত ওৰপে বাবা বৰা (৩০) আটক কৰিবলৈ সক্ষম হয়।

আনজন পলাতক হত্যাকাৰী হল চিচিবৰগাঁৱৰ টকোবাৰী গাঁৱৰ বিবিলাই চুতিয়াৰ পুত্ৰৰ বিপ্লৱ চুতিয়া বুলি জানিব পৰা গৈছে। ইপিনে মৰমী খাটোৱালক বলৎকাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰা, হত্যাকাৰীক ফাঁচী দিয়া, নাৰীৰ সুৰক্ষা নিশ্চিত কৰা, আদি দাবীত চিমেন চাপৰি আৰক্ষী থানাৰ চৌহদ  প্ৰতিবাদেৰে উত্তাল কৰি তোলে দুই শতাধিক মহিলাই। মৰমী খাটোৱালৰ দুজনী কন্যা আৰু এটা পুত্ৰ সন্তানৰ মাতৃ আছিল।