
ধুবুৰীঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শুকুৰবাৰে ধুবুৰী জিলাৰ শিমলতোলা বজাৰত এখন সভা অনুষ্ঠিত কৰি কংগ্ৰেছৰ নেতা-কৰ্মীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে৷ কেইবা শতাধিক কংগ্ৰেছ-নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত দক্ষিন শালমাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলি চৌধুৰী উপস্থিত থাকে৷ বিধায়কগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়ায় এনআৰচিক লৈ হতাশ নহ’বলৈ ৰাইজক আহ্বান জনায়৷
খচৰাৰ প্ৰথম পৰ্যায়ত বিধায়কগৰাকীৰ পত্নীৰ নামো এনআৰচিৰ তালিকাত পৰা বাদ পৰিব পাৰে বুলি কয়৷ কিয়নো বিধায়কগৰাকীৰ পত্নী অইন জিলাৰ বাসিন্দা৷ তেওৰ নামত দিয়া হৈছে পঞ্চায়তৰ নথি৷ বৰ্তমান উচ্চ ন্যায়লয়ত এই নথি মানিলোৱা নাই ইয়াৰ সিদ্ধান্ত ন্যায়লয়ে লব বুলি কৈ বহু মহিলা প্ৰথম পৰ্যায়ত এনআৰচিৰ তালিকাৰ পৰা বাদ পৰিলেও হতাশ হ’ব নালাগে বুলি কয়৷
ভাৰতীয় নাগৰিক ৰৈ গলে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিব বুলিও কয় বিধায়কগৰাকীয়ে৷ ইতিমধ্যে এনআৰচিৰ সমন্বয়কৰ সৈতে আলোচনাত মিলিত হোৱা বুলি কয়৷ আৰ্শ্বাদ মাদানীৰ বক্তব্যৰ বিৰুদ্ধাচাৰণ কৰে তেও৷ ধুবুৰীৰ চৰ-চাপৰি অঞ্চলত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে প্ৰয়াত প্ৰধানমন্ত্ৰীৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সভা অনুষ্ঠিত কৰি একপ্ৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কৰাৰ লগতে এনআৰচিৰ গইনা লৈ সংখ্যালঘু লোকৰ সমৰ্থন আদায় কৰাৰ চেষ্টা কৰাৰ পৰিলক্ষিত হৈছে৷