
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
নলবাৰীঃ ৰাজ্য জুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে চলন্ত ৰেলত সন্দেহজনক লোকে থলুৱা যুৱকক প্ৰহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰীত। জানিব পৰা মতে, শুকুৰবাৰে আবেলি বহাগী পেচেঞ্জাৰ ৰেলৰ এটা ডবাত এটা দলে তিনিজন অসমীয়া যুৱকক আক্ৰমণ কৰে।
ৰাতুল বৰ্মন, মিন্টু বৰ্মন আৰু দিপুল বৰ্মন নামৰ এই তিনিজন যুৱকক চলন্ত ৰেলৰ ভিতৰতে দলটোৱে মানসিক, শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়। অৱশেষত নলবাৰী ৰেল ষ্টেছনত ৰৈ তিনি যুৱকে আৰক্ষী আৰু ৰাইজৰ সহযোগত দলটোক আটক কৰে।
ইয়াকে লৈ নলবাৰী ৰেল ষ্টেছন কিছু সময়ৰ বাবে উত্তপ্ত হৈ পৰে। বাতৰি লিখালৈ নলবাৰী সদৰ থানাত আৰক্ষীয়ে বহিৰাগত দলটোক তীব্ৰ জেৰা অব্যাহত ৰাখিছে। খাৰুপেটীয়াৰ পৰা পাইটলদাহলৈ যাব আহিছিল দলটোৱে।