চতিয়াত পথ দুৰ্ঘটনা, আহত ৪

চতিয়াঃ চতিয়াত শুকুৰবাৰে পথ দুৰ্ঘটনা সংঘটিত হৈ ৪গৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, তেজুপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা AS-12-R-5452 নম্বৰৰ আৰ্টিকা গাড়ী খনক পথ নিৰ্মাণ কোম্পানী টি কে কোম্পানীৰ ৪০৭ গাড়ীয়ে তীব্ৰ বেগেৰে খুন্দা মাৰে৷

ফলত পথৰ দাতিৰ খাৱৈত বাগৰি পৰে আৰ্টিকা খন। দুৰ্ঘটনাত আৰ্টিকাৰ ভিতৰত থকা ৪ গৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷ আৰক্ষীয়ে আটাই কেইজনকে বিশ্বনাথৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চাৰি শৰণীয়াত পথ নিৰ্মাণ কৰি থকা টি কে কোম্পানীৰ গাড়ীৰ অতপালিত এতিয়া মানুহ এতিয়া থাকিব নোৱাৰা হৈছে৷ কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰিছে এই কোম্পানীৰ গাড়ীয়ে৷