ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কবীন ফুকন সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাৰ সামৰণি, চন্দ্ৰৰপল শইকীয়া শ্ৰেষ্ঠ তাৰ্কিক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ ৰাজ্যৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা আৰু আছুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ উদ্যোগত শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মুকলি প্ৰাংগনত ‘বাগ বৈদগ্ধ্য’ না‌মৰ এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰয়াত শিক্ষাবিদ কবীন ফুকনৰ সোঁৱৰণত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃবিভাগ আৰু আন্তঃকেন্দ্ৰ তৰ্ক প্ৰতিযোগিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাধ্যাপক ড০ ৰাজীৱ সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত।

সদনৰ মতে ’ভাৰতবৰ্ষৰ উচ্চ শিক্ষা ব্যৱস্থাত Choice Base Credit System  অৰ্থাৎ CBCSৰ প্ৰয়োগে ছাত্ৰ-ছাত্ৰীৰ দক্ষ‌তা বৃদ্ধিৰ লগতে উচ্চ শিক্ষাৰ মান উন্নীত কৰিব’ শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত ৩৭ গৰাকী তাৰ্কিকে যুক্তি যুদ্ধ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনাৰে প্ৰয়াত কবীন্দ্ৰনাথ ফুকনে পবিত্ৰ সেৱা আগবঢ়াই গ'ল, সেইগৰাকী মহিৰূহৰ সোঁৱৰণত আয়োজন কৰা তৰ্ককলা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে CBCSৰ দৰে এটা গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত যুক্তি-তৰ্কৰে মতামত দাঙি ধৰাই নহয়, এক অভূতপূৰ্ব সঁহাৰিৰে এক নতুন দিগন্তৰ সূচনা কৰাৰ লগতে ইতিহাস ৰচিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাত অধ্যক্ষ ড০ ৰাজীৱ সন্দিকৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক সঠিক সময়ত CBCSৰ দৰে এটা সময়পযোগী বিষয়ত তৰ্ক প্ৰতিযোগিতা আয়োজন কৰাত এক বৌদ্ধিক চিন্তা-চৰ্চাৰ উন্মেষ হোৱা বুলি কয়৷ ছাত্ৰ সমাজৰ লগতে শৈক্ষিক প্ৰশাসনলৈয়ো বহু দিশ উন্মোচন কৰিব।

মন কৰিবলগীয়া যে এই তৰ্ক প্ৰতিযোগিতাত প্ৰতিদিন টাইম চেনেলৰ জইন্ট এডিটৰ তথা বিশিষ্ট তাৰ্কিক শোণিত কুমাৰ ভূঞাই বিচাৰক হিচাপে উপস্থিত থাকি বিচা‌ৰকৰ আসনৰ পৰা মনৰ অনুভৱ ব্যক্ত কৰি বহু তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু বিচাৰ কৰিছো, কিন্তু এনেদৰে মুকলি এটা মন মুকলি এটা নিৰিবিলি পৰিবেশেত গ্ৰন্থাগাৰৰ চৌহদৰ মুক্ত আকাশৰ তলত কোনোদিনে তৰ্ককলানুষ্ঠান আয়োজন কৰা দেখা নাছিলো বুলি কয়।

অভূতপূৰ্ব আৰু অনন্য এই পৰিবেশ কেৱল যেন নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়হে সম্ভৱ। একেদৰে অন্য এজন বিচাৰক বিশিষ্ট তাৰ্কিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী বিষয়া পংকজ বৰঠাকুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰিনজিৎ হাজৰিকাই বিচা‌ৰকৰ একাষাৰ আগবঢ়ায়। উল্লেখ্য যে তৰ্ক প্ৰতিযোগিতাত চন্দ্ৰৰপল শইকীয়ালৈ শ্ৰেষ্ঠ তাৰ্কিক আৰু প্ৰাণী বিজ্ঞান বিভাগে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ ফাৰমাটিকেল চা‌ইন্সৰ অভিজিৎ নাথে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক আৰু ইতহাস বিভাগে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।‌

সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ নিভা দত্ত আৰু শিক্ষাতত্ব বিভাগৰ কংকন বৰুৱাক জুৰিৰ বিশেষ বঁটা লাভ কৰে। বিয়লি ৩ বজাত ৰংঘৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া উপস্থিত থাকি অসমৰ সাম্প্ৰতিক সময়ৰ তিনিটাকৈ অতি গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য প্ৰদান কৰিব বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০১৭-১৮ সাধাৰণ সম্পাদক ডেভিদ হাজৰিকা আৰু সভাপতি উত্তৰণ গোস্বামীয়ে জানিবলৈ দিয়ে।