পুথিভড়ালৰ পৰা নোহোৱা হ’ল মোজাহিদৰ চিকচিকিয়া গ্লেমাৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ছিপাঝাৰঃ অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা মঙলদৈ চহৰৰ পৰা এখন বাইক চুৰি হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, কলাইগাঁৱৰ বৰকুলা বাগিচাৰ মোজাহিদ আলি নামৰ লোকজনে AS-13-G-4574 নম্বৰৰ গ্লেমাৰ বাইকেৰে শনিবাৰে মঙলদৈ চহৰলৈ আহে৷

দিনৰ প্ৰায় ১১ বজাত মঙলদৈ জিলা পুথিভড়াল চৌহদত বাইক ৰখাই থয়৷ কিছু সময় পিছতেই  মোজাহিদে বাইক খন থোৱা ঠাইলৈ আহি বাইক খন দেখা নাপায় ইজন-সিজনক সোধৈ যদিও কোনো নিলে দেখা নাপালো বুলি কয়৷ কলাইগাঁৱৰ বৰকুলা বাগিচাৰ মোজাহিদ আলিয়ে ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷