হনুমানে স্বাধীন অসমক দিব লাগিব ২০ লাখ টকা

ডিব্ৰুগড়ঃ নগা চুক্তি আৰু এনআৰচিয়ে অসম উত্তাল কৰি ৰখাৰ সময়তে উজনি অসমত আলফা স্বাধীনে ব্যাপক হাৰত অব্যাহত ৰাখিছে ধন দাবী অভিযান৷ তিনি পূৰ্বে চৰাইদেউ জিলাৰ সোণাৰিত এগৰাকী   আলফা সদস্যক আৰক্ষীয়ে অভিযান চলাই আটক কৰাৰ পিছতেই ডিব্ৰুগড় জিলাৰ দুলীয়াজান অঞ্চলত আলফা কেডাৰৰ ধন দাবীৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে, স্বাধীন অসম নামৰ আলফা কেডাৰ জনে দুলীয়াজানৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হনুমান গুপ্তাক ২০ লাখ টকা দাবী কৰে। ধন দাবীৰ ঘটনা সন্দৰ্ভত ব্যৱসায়ী হনুমান গুপ্তাই ইতিমধ্যে দুলীয়াজান আৰক্ষী থানাত গোচৰ ৰুজু কৰে। দুলীয়াজান আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ স্বাধীন অসমৰ বাবে দীৰ্ঘ সংগ্ৰাম অব্যাহত ৰখা আলফা স্বাধীনে উজনিত ব্যাপক হাৰত ধন দাবী কাৰ্য অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷