
জোনাইঃ যোৱা বুধবাৰে সংঘটিত হোৱা জঘন্য কাণ্ডক আজিও পাহৰিব পৰা নাই ধেমাজি জিলাৰ চিমেন চাপৰিৰ ৰাইজে৷ মৰমী খাটোৱাল নামৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ধেমাজি জিলাৰ চিমেন চাপৰিত৷ এই জঘন্য ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আন এজন যুৱকক দেওবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
আক্ষৰীয়ে গোপন খবৰৰ ভিত্তিত আনজন অভিযুক্ত বিপ্লৱ চুতীয়াক (২১) চিচিবৰগাঁও অঞ্চলৰ এখন গাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ ইতিমধ্যে অন্যতম অভিযুক্ত বাবা বৰা নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হৈছে চিমেন চাপৰি আৰক্ষীয়ে৷ চিমেন চাপৰিৰ দৰিদ্ৰ কুমুদ খাটোৱালৰ পত্নী মৰমী খাটোৱালক নিজ ঘৰতে ধৰ্ষণ কৰি কেৰাচিন ঢালি জ্বলাই দি হত্যা কৰিছিল দুৰ্বৃত্তই৷ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা চিমেন চাপৰি আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত লোকক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল৷
যোৱা বৃহস্পতিবাৰে গোপন সুত্ৰৰ পম খেদি চিমেন চাপৰিৰ আৰক্ষীৰ এটা দলে চিমেন চাপৰিৰ বাঘগাঁৱৰ পৰা বৰুৱাবালি গাঁৱৰ অজিত বৰুৱাৰ পুত্ৰৰ ৰঞ্জিত ওৰপে বাবা বৰা (৩০) আটক কৰিবলৈ সক্ষম হয়। তাৰ পিছতে আৰক্ষীয়ে দ্বিতীয় জন অভিযুক্তক আটক কৰিবলৈ আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছিল৷ মৰমী খাটোৱালক বলৎকাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰা, হত্যাকাৰীক ফাঁচী দিয়া, নাৰীৰ সুৰক্ষা নিশ্চিত কৰা, আদি দাবীত চিমেন চাপৰি আৰক্ষী থানাৰ চৌহদ ১৬ নৱেম্বৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল দুই শতাধিক মহিলাই। মৰমী খাটোৱালৰ দুজনী কন্যা আৰু এটা পুত্ৰ সন্তানৰ মাতৃ আছিল।