মুখ্যমন্ত্ৰীক ঠগোৱা মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ছাত্ৰ মুক্তিয়ে

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ত ব্যাপক দুৰ্নীতি আশ্ৰয় লৈ এটি  আৱাস গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে বিগত সময়ছোৱাত মহাবিদ্যালয়খনৰ উন্নয়ণৰ নামত অহা ধন ব্যাপক দুৰ্নীতিৰে লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পুঁজি ব্যৱহাৰত সংগঠনটোৱে কেলেংকাৰী সংঘটিত হোৱাৰ লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জিতুপন শইকীয়া, জগজিত গোঁহাই, পলাশ গগৈ আৰু যুটীয়া সম্পাদক দিপাংকৰ গগৈ, দ্বিপ শইকীয়া, যুগল দত্তই এক বিবৃতি যোগে মহাবিদ্যালয়খনৰ প্ৰৱক্তাৰ লগতে কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ ফলত ডি ডি আৰ মহাবিদ্যালয়ে ২০০৫ বষৰ্ত NAACৰ গ্ৰেড-বি লাভ কৰা কৰে বুলি কয়৷

মহাবিদ্যালয়খনৰ উন্নয়ণৰ বাবে বিশ্ববিদ্যলয় অনুদান আয়োগে বিভিন্ন সময়ত ধনৰ যোগান ধৰি আহিছে। কেইবাটাওঁ আঁচনিৰ লগতে মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণ কৰা হয়৷ চল্লিশ লাখ টকাৰ  নিৰ্মাণ কৰা ছাত্ৰী আৱাসগৃহ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি কৰাৰ লগতে যোৱা ছয় বছৰে নিৰ্মাণৰ কৰা সমাপ্ত নহ’ল বুলি কয় সংগঠনটোৱে৷

আৱাসগৃহটো নিমাৰ্ণ সম্পূৰ্ণ নৌহওঁতেই ভৱটোৰ দেৱালসমূহ চপৰা চপৰে খহি পৰা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। অধ্যক্ষগৰাকীৰ তত্বাৱধানত নিৰ্মাণ কৰা আৱাসগৃহটো নিম্ন মানৰ শিল-বালি, চিমেন্ট আদি ব্যৱহাৰ কৰাৰ ফলতেই নিৰ্মিয়মান ভৱনটোৰ এনে দুৰৱস্থা হোৱা বুল য় সংগঠনটোৱে। অনিয়ম সংঘটিত কৰৰা তথ্য জিলা উপায়ুক্তক তথ্য সহকাৰে স্মাৰকপত্ৰ যোগে সংগঠনটোৱে দাখিল কৰে।

সংগঠনটোৱে যোৱা এবছৰ কাল অনিয়মৰ তদন্তৰ দাবীত প্ৰতিবাদ কৰি অহাত যোৱা ১৭ জুনত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰশাসনে সেওঁ মানি অৱশেষত জিলা উপায়ুক্তই ২৬ জুনত আৱাসগৃহ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি তদন্ত ঘোষণা কৰে৷ ১৫ দিনৰ ভিতৰত তদন্তৰ ফলাফল প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। জিলা প্ৰশাসনে ১৫ দিন সময় দিছিল যদিও ৩ মাহ উকলি যোৱাৰ পিছতো আজিলৈকে তদন্তৰ ফলাফল জিলা প্ৰশাসনে প্ৰকাশ নকৰিলে।

৩ অক্টোবৰত মহাবিদ্যালয়ত অনুষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধিবেশনলৈ আহি মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰী নিৱাসৰ ফলকখন অন্য এটা ভৱনৰ সন্মুখত আৰি ফিটা কাটি উদ্ধোধন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষজনে প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ কৌশলগতভাৱে চকুত ধূলি মাৰি আধৰুৱা আৱাস গৃহটো মুখ্যমন্ত্ৰীগৰাকীৰ হতুৱাই উদ্ধোধন কৰাই৷ অধ্যক্ষগৰাকীৰ এনে কাৰ্য সন্দৰ্ভত সংগঠনটোৱে তথ্য সহকাৰে মুখ্যমন্ত্ৰীক অৱগত কৰিবলৈ বিছাৰিছিল যদিও ছাত্ৰ মুক্তিৰ সদস্যক আৰক্ষীয়ে বাধা প্ৰদান কৰে৷

সংগঠনটোৱে বিবৃতি যোগে চাবুৱাৰ দৰে পিছপৰা অঞ্চলৰ মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ইটোৰ পিছত সিটো দুৰ্নীতি কৰি অহা বুলি কয় সংগঠনটোৱে। মহাবিদ্যালয়খনত চলি থকা বিভিন্ন দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অহা ২৩ নবেম্বৰৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী ঘোষণা কৰি সংগঠনটোৱে।