জ্যেষ্ঠ নাগৰিক মঞ্চৰ বৰভাগ সমিতিৰ অধিৱেশনৰ সামৰণি

নলবাৰীঃ জ্যেষ্ঠ নাগৰিক মঞ্চৰ নলবাৰী জিলাৰ বৰভাগ সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন দেওবাৰে দেহাৰকুছি মনসা পীঠ প্ৰাংগণত অনুষ্ঠিত হয়৷

অধিবেশনৰ লগত সংগতি ৰাখি দিনৰ ১২ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বৰভাগ নাগৰিক মঞ্চৰ সভাপতি যোগেন্দ্ৰ গোস্বামীয়ে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম উপাচাৰ্য্য ড০ অমৰজ্যোতি চৌধুৰীয়ে৷

বিশিষ্ট অতিথি বিচাপে উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ মনোৰঞ্জন শৰ্মা, নিৰ্দ্দিষ্ট বক্তা GMCHৰ অধ্যাপক ডাঃ কৈলাশ ভট্টাচাৰ্যই৷ সবাত কেইবাশতাধিক লোক উপস্থিত থাকে৷ অধিবেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা "বৰভাগজ্যোতি" নামৰ মুখপত্ৰ উন্মোচন কৰে ড০ বীৰেণ ডেকাই৷