জাগীৰোডত পত্নীক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ হাৰিয়াবড়ীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ জানিব পৰা মতে, হাৰিয়াবড়ী গাঁৱৰ সঞ্জীৱ বৰদলৈৰ পত্নী ভানু বৰদলৈৰ নিজ ঘৰৰ চৌহদত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়৷

দেহৰ কাপোৰ অসংযত অৱস্থাত থকাত ওচৰ পাজৰৰ একাংশ লোকে স্বামী সঞ্জীৱ বৰদলৈয়ে হত্যা কৰৰা সন্দেহ ব্যস্ত কৰে৷ তাৰ পিছতে আৰক্ষীক খবৰ দিয়ে গাঁৱৰ লোকে৷

কোনো বেমাৰ আজাৰ নোহোৱাকৈয়ে হঠাৎ মৃত্যুক আকোৱালি লোৱা কাৰ্যক সহজে লব পৰা নাই ৰাইজে৷ ঘটনাস্থলীত মৰিগাঁও উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ তকে। স্বামী সঞ্জীৱ বৰদলৈ পলায়ণ কৰে৷