
বিহালীঃ খেতি পথাৰত ধান কাটি থকা অৱস্থাত বনৰীয়া মহৰ জাকৰ আক্ৰমণত এগৰাকী দৰিদ্ৰ কৃষকৰ প্ৰাণ যোৱা ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি হোৱাৰ লগতে আতংকিত হৈ পৰিছে বিহালীৰ টেলেঙনী অঞ্চলৰ ৰাইজ৷ টেলেঙনীয়া গাঁৱৰ দৰিদ্ৰ কৃষক বলে দাস (৪৫)ৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয়৷ জানিব পৰা মতে, নিজ ঘৰৰ পৰা কিছু নিলগত মাজ পথাৰত ধান কাটি আছিল বলে দাসে৷
পুৱাই ঘৰৰ পৰা ওলাই গৈ ধান কাটি আছিল বলে দাসে৷ একান্ত মনে ধান কাটি থকা অৱস্থাত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া মহৰ জাক এটা কেতিয়া বলে দাসৰ ওচৰ পাই গমেই নাপায়৷ বলে দাসৰ ওচৰেৰে বনৰীয়া মহৰ জাকটোৱে পাৰ হৈ যোৱাৰ সময়তে এটি প্ৰকাণ্ড মহে জাকৰ পৰা ফালৰি কাটি আহি আক্ৰমণ কৰে বলে কৃষকগৰাকীক৷
হঠাতে মহৰ জাকৰ সন্মুখত পৰাত আক্ৰমণৰ পৰা হাত সাৰিবলৈ উপায় নাপায় আক্ৰমণৰ সন্মুখন হৈ মৃত্যুক আকোৱালি লয় বলেয়ে৷ বিগত কিছুদিন ধৰি বিহালীত বন্য প্ৰাণীৰ সন্ত্ৰাস অব্যাহত আছে যদিও বন ব্ভাগে মানুহৰ জীৱন আৰু সম্পত্তিক সুৰক্ষা দিয়াত ব্যৰ্থ হয়৷
বন্য প্ৰানীয়ে আতংকৰ সৃষ্টি কৰাৰ পিছতো বন বিভাগে গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ ৰাইজে বন্য প্ৰাণীৰ সন্ত্ৰাস ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰই৷ বৰগাং বনাঞ্চলিক বিষয়াৰ চূড়ান্ত অৱহেলাৰ বনৰীয়া মহৰ আক্ৰমণত অকালতে বলে দাস প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালক উপয়ুক্ত ক্ষতি পূৰণ দিবলৈ ৰাইজে দাবী জনায়৷