গণ শক্তি সদায় জীয়াই থাকিব, প্ৰতিষ্ঠা দিৱসত ভূৱন পেগু

জোনাইঃ সন্মিলিত গণ শক্তি দলে সোমবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰে৷ সম অধিকাৰ আৰু সম উন্নয়ন শ্ল’গানেৰে ২০০৫ চনত জন্ম লাভ কৰা ৰাজনৈতিক দলটোক লৈ আজিও মিছিং ৰাইজে সপোন দেখে৷ গনশক্তিৰ প্ৰতি আজিও আছে মানুহৰ আদৰ৷

কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ বাবে সময়ে সময়ে দলটোক কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে বিলীন হৈ যাব বুলি ৰাইজে আশংকা কৰে৷ তাৰ মাজতে সোমবাৰে সন্মিলিত গণ শক্তি, অসমে ১৩ তম প্ৰতিষ্ঠা দিৱস ব্যাপক উলহ-মালহেৰে জোনাইত পালন কৰে।

জোনাই মহকুমা সদৰৰ মিছিং কৃষ্টি ভবনৰ প্ৰাঙ্গনত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ শতাধিক সক্ৰিয় কৰ্মীয়ে আনুষ্ঠানিক ভাৱে গণ শক্তি দলত যোগদান কৰে। প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৰাইজক সম্বোধন কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ প্ৰতিটো ৱাৰ্ড সদস্য পঞ্চায়ত অধ্যক্ষ সকলো পদতে প্ৰাৰ্থি দিয়া হ’ব বুলি ঘোষণা কৰে। বিধায়কগৰাকীয়ে সন্মিলিত গণ শক্তি, অসম সদায় জীয়াই থাকিব আৰু ইয়াক লৈ কোনো সন্দেহ নকৰিব বুলি মন্তব্য কৰে।