
গোৰেশ্বৰঃ অসমৰ NRCক লৈ দেশৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে এইবাৰ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত Delhi Action Committee for Assamৰ বিতৰ্কিত সভা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে৷ দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ উদ্যোগত অনুষ্ঠিত সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যই ৰাজ্যত আজিও প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসমৰ ঐক্য সংহতি, শান্তি-সম্প্ৰতি ঠান বান কৰিবলৈ সময়ৰ অপেক্ষাত ৰৈ থকা আৰ্শ্বাদ মাদানীৰ দৰে ধৰ্মীয় নেতা এজনে কটা-মাৰাৰ কৰাৰ যি হুংকাৰ দিছে সেয়া নিন্দনীয় আৰু গৰ্হিত বুলি অভিহিত কৰে অবড়ো সুৰক্ষা সমিতিয়ে।
অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতিত যোগে এই মন্তব্যৰ গৰিহণা দি ইয়াৰ সুবাদতে আন এচাম বিজেপি কৰ্মীয়ে যোৱা কিছু দিন ধৰি হিংসাৰ বাবে মানুহক প্ৰৰোচিত কৰা বুলি অভিযোগ কৰে যোগেশ্বৰে। বিধায়ক শিলাদিত্য দেৱৰ শৰীৰৰ পৰা বাংলাদেশৰ গোন্ধ নৌযাওঁতে আৰএছএছক তেল মাৰিবলৈ কেৱল হিন্দুত্বৰ কথা কৈ বাতৰিৰ শিৰোনাম দখলত ব্যস্ত থকা দেখা গ'ল বুলি চোকা ভাষাৰে সমালোচনা কৰে অবড়ো সুৰক্ষা সমিতিয়ে। প্ৰকৃত অসমীয়া লোকে সভা সমিতিত হিন্দু-মুছলিম বুলি কথা নকয় কিন্তু একাংশ বিজেপি বিধায়ক এই ক্ষেত্ৰত ব্যতিক্ৰম দেখা বুলি কয়।
বিধায়ক মৃণাল শইকীয়াও হিন্দুৰ নেতা হোৱাতকৈ অসমীয়া নতুবা অসমবাসীৰ নেতা হওঁক বুলি কয় যোগেশ্বৰে। বিজেপিৰ এটা মহলে অসমত এটা সংঘাটময় পৰিৱেশৰ সৃষ্টিৰ বাবে প্ৰচেষ্টাত ব্ৰতী হোৱা বুলি অবড়ো সুৰক্ষা সমিতিয়ে সন্দেহ প্ৰকাশ কৰে। তাৰে সুযোগতে হিন্দু বাংলাদেশী অসমত সংস্থাপন, বৃহৎ নদী বান্ধ, মূল্যবৃদ্ধি আদি সমস্যাবোৰ তেওঁলোকে ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ নাটকো তাৰেই এক ষড়যন্ত্র।
অসমীয়া জাতিক এনেদৰে এক ভয়াবহ ভবিষ্যতৰ দিশে নিছে বিজেপিয়ে। আমি বুদ্ধিজীৱি বুলি গণ্য কৰো তেওঁলোকৰো এচামে আকৌ অসমক খণ্ড-খণ্ড কৰিলে ভাল হয় বুল উচটনিমূলক বক্তব্য দি থৈছে। ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দৰে লোকে অসমৰ অখণ্ডতাৰ হকে দূৰদৰ্শী নহয়। অসমীয়া জাতিটোক লৈয়ো তেওঁলোকে কৰা মন্তব্য গ্ৰহণযোগ্য হ'ব নোৱাৰে। হিন্দু বংলাদেশীক সংস্থাপন দিব লাগে বুলি কৰা মন্তব্য বিজেপিৰ এগৰাকী মন্ত্রীৰ শ্ৰুতলিপি মাথোন।
ইয়াৰ মাজতে আকৌ আছুৰ নেতৃত্বত গোলাঘাটত অসমৰ অখণ্ডতাৰ বাৰ্তা লৈ ওলোৱা বাইক ৰেলীত এবছুৰ অংশগ্ৰহণ এক শুভলক্ষণ। কমল কুমাৰ মেধীক দেশদ্ৰোহী আখ্যা দিয়া ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী মানসিক বিকাৰগ্রস্ত লোক হিচাপে জনমানসত প্ৰতিয়মান হৈছে। কিয়নো তেওঁ কিছুদিন আগতে অসমক কেইবাটাও ভাগত বিভক্ত কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীক পৰামর্শ দি নিজকে দেশদ্ৰোহী-জাতিদ্ৰোহী বুলি চিনাকী দি থৈছে। ড০ হীৰেণ গোহাঁই, হাইদৰ হুচেইন, মনজিৎ মহন্তক উদ্দেশ্যে তেওঁ যি বোৰ মন্তব্য আগবঢ়াইছে তেনে ক্ষেত্ৰত তেওঁক বিজেপিৰ মুখপাত্ৰ যেনহে লাগে।
মাদানী যেনেদৰে দোষী তেনেদৰে শিলাদিত্য দেৱ, মৃণাল শইকীয়াও দোষী। প্ৰশাসনে চৰকাৰৰ শ্ৰুতলিপিত যে কাম নকৰে তাকে প্ৰমাণিত কৰি প্ৰশাসনে শিলাদিত্য বা মৃণাল শইকীয়াকো সকীয়নি দিয়ক। এন আৰ চি ৰ কাম নিৰ্ধাৰিত সময়তে সমাপ্ত কৰক। অন্যথাই এন আৰ চিত হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ যি কুটিল ষড়যন্ত্র চলিছে সেয়াই ৰাজ্যখনক আৰু জুৰুলা কৰিব। আনহাতে নমামি বৰাক অনুষ্ঠান য'ত "সাংস্কৃতিক শোভাযাত্ৰা" বানানটো শুদ্ধকৈ লিখিব পৰা নাই সেয়া হিন্দু বাঙালীক সন্তুষ্ট কৰিবলৈহে এক বিজেপিৰ এক চমক বুলি অভিযোগ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে।