
বাইহাটা চাৰিআলিঃ দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ উদ্যোগত অনুষ্ঠিত সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যই ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি কৰি অহাৰ সময়তে সোমবাৰে প্ৰত্যুত্তৰ দিয়ে কট্টৰ হিন্দুত্ববাদী সংগঠন বজৰংগ দলে৷
বজৰং দল সাজু হৈ থকা বুলি হুংকাৰ দি বজৰংগ দলৰ ৰাষ্ট্ৰীয় সংযোজক মনোজ বাৰ্মাই। মনোজ বাৰ্মাই ৰাষ্ট্ৰ দ্ৰোহৰ অপৰাধত আৰ্শ্বাদ মাদানীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন জনায়। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বাৰ্মাই। নেতাগৰাকীয়ে বাইহাটা চাৰিআলিৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব আহি এই মন্তব্য আগবঢ়ায়৷