
নলবাৰীঃ নলবাৰী জিলাৰ অমায়াপুৰ গাঁৱৰ বিশিষ্ট সাংবাদিক প্ৰাঞ্জল শৰ্মাক খৈৰাবাৰী প্ৰেছ ক্লাৱ আৰু এন ইলাইভে প্ৰশংসা পত্ৰ প্ৰদান কৰে৷ ওদালগুৰি জিলাৰ খৈৰাবাৰী প্ৰেছ ক্লাৱ আৰু এনই লাইভৰ উদ্যোগত খৈৰাবাৰী মহাবিদ্যালয় প্ৰাংগনত ৰবিবাৰে অনুষ্ঠিত হোৱা সাংবাদিক কৰ্মশালাত সাংবাদিকজনক প্ৰদান কৰে প্ৰশংসা পত্ৰ।
কৰ্মশালাত কেইবাগৰাকী টিভি চেনেল তথা প্ৰকাশক মাধ্যমৰ বিশিষ্ট সাংবাদিক আৰু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। বিশিষ্ট সাংবাদিক জনে ইয়াৰ পূৰ্বে নিয়মীয়া বাৰ্তাৰ বাহঁজানীৰ সাংবাদজাতা হিচাবে কাম কৰি আছিল৷
তেওঁক এনে সন্মান প্ৰদান কৰাত বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত দাস, সাধাৰণ সম্পাদক অলকেশ ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাঁহজনী আঞ্চলিক সমিতিৰ সভাপতি আবুল হুছেইন, সাধাৰণ সম্পাদক হিৰণ্য ভট্টাচাৰ্য, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক নয়নজ্যোতি শৰ্মা, বাঁহজনী শাখাৰ নেতা লাচিত মেধি, হিমাংশু শৰ্মা, ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ জিলা নেত্ৰী মৌচুমী গোস্বামী, ভাৰতৰ গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেছনৰ নলবাৰী আঞ্চলিক সমিতিৰ নেতা মনোৱাৰ হুছেইন সহ বিভিন্ন সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।