কনিষ্টবলৰ ভগ্নীক অপহৰণ-প্ৰহাৰ, দহ দিন পিছতো গুৰুত্ব নিদিলে আৰক্ষীয়ে

বঢ়মপুৰঃ ৰাজ্যত এতিয়া খোদ সুৰক্ষিত নহয় আৰক্ষীৰ পৰিয়ালৰ লোক৷ মানুহৰ জীৱন সম্পত্তিৰ সুৰক্ষাত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকল কৰ্তব্যৰ খাতিৰত ঘৰ খন এৰি বাহিৰত থাকিব লগা হয়৷ এই সময়ত তেওলোকে নিজৰ অঞ্চলটোৰ আৰক্ষী থানা খন তথা নিজৰ বিভাগটোৰ লোকসকলৰ ভৰষা কৰি কৰ্তব্য সম্পাদন কৰে৷ নিজৰ বিভাগৰ লোকক ভৰষা কৰি ঘৰৰ বাহিৰত থকা এগৰাকী আৰক্ষীৰ পৰিয়ালৰ লোকক দুৰ্বৃত্তই অপহৰণ কৰি নি মাৰ-ধৰ কৰাৰ ঘটনাক আৰক্ষী গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনা সংঘটিত হৈছে নগাওঁ জিলাত৷

জানিব পৰা মতে, চামগুৰিৰ মাগুৰমাৰিৰ অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ ভগ্নীয়ে নিজ ঘৰৰ পৰা কিছু নিলগৰ এখন মহাবিদ্যালয়ত পঢ়ে৷ নিতৌ মহাবিদ্যালয়লৈ অহা যোৱা কৰে আৰক্ষীৰ কনিষ্টবলৰ ভগ্নীগৰাকীয়ে৷ প্ৰায় দিন দিন পূৰ্বে মহাবিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত তাইক অপহৰণ কৰে আবু কালাম নামৰ এজন যুৱকে৷ অপহৰণ কৰি আবু কালাম নিজৰ ঘৰত বন্দী কৰে৷

ইমানে নহয় পৰিয়ালৰ লোকে বেয়াকৈ প্ৰহাৰো কৰে তাইক৷ দেহৰ কেইবা ঠাইত লোৰ সামগ্ৰীৰে আক্ৰমণ কৰাত শৰীৰৰ কেইবাঠাইত আঘাতৰ চিন আজিও স্পষ্ট হৈ আছে৷ আৰক্ষীৰ কনিষ্টবলগৰাকীৰ ভগ্নীয়ে সুযোগ বুজি পলাই আহিবলৈ সক্ষম হৈছিল নিজ ঘৰলৈ ৷ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সমস্ত ঘটনা বিৱৰি কয়৷ তাৰ পিছতে যুৱতীগৰাকীক লৈ কলিয়াবৰ আৰক্ষী থানাত উপস্থিত হয় পৰিয়ালৰ লোক৷ পৰিয়ালে কলিয়াবৰ আৰক্ষী থনাত এজাহাৰ দাখিল কৰে৷

কিন্তু এজাহাৰ দাখিল কৰাৰ দহ দিন পাৰ হ’ল যদিও কলিয়াবৰ আৰক্ষীয়ে ঘটনাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷ দহ দিনৰ পূৰ্বেই তৰা গোচৰৰ বিনিময়ত অভিযুক্ত আহু কালামৰ পৰা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াই টকা লোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে৷ অভিযুক্ত আবু কালামৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰি আহাৰ অভিযোগো উত্থাপন কৰে নিৰ্যাতিতা যুৱতীগৰাকীয়ে। গোচৰ তৰাৰ পিছত যুৱতীগৰাকীক কেৱল স্বাস্থ্য পৰীক্ষা কৰিয়েই দ্বায়িত্ব সামৰিলে আৰক্ষীয়ে। আজি পৰ্যন্ত সোধ-পোছৰ বাবেও অভিযুক্তৰ পৰিয়ালক আৰক্ষী বিষয়াজনে তলব নকৰাত গভীৰ হতাশাৰ মাজত দিন পাৰ কৰিছে কনিষ্টবলৰ নিৰ্যাতিতা ভগ্নীয়ে।