কোকৰাঝাৰত যোগা শিকালে বাবা ৰামদেৱে, অসমত স্থাপন কৰিব এৰী-মুগাৰ বস্ত্ৰৰ উদ্যোগ

কোকৰাঝাৰঃ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত সোমবাৰৰ পৰা আৰম্ভ হৈছে বাবা ৰামদেৱৰ তিনিদিনীয়া বিনামুলীয়া যোগ প্ৰশিক্ষণ শিবিৰ। সোমবাৰে পুৱা ৫ বজাৰ পৰা ৭ বজালৈ অনুষ্ঠিত হোৱা বাবা ৰামদেৱৰ যোগ শিবিৰত ৰাজনৈতিক নেতা, ভক্তকে ধৰি কেবা সহস্ৰাধিক লোক উপস্থিত থাকি বাবা ৰামদেৱৰ সতে যোগৰ অনুশীলন কৰি সুস্বাস্থ্য ধৰি ৰখাত সংকল্পবদ্ধ হয়।

বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্মকে ধৰি বিপিএফৰ কেবাগৰাকী শীৰ্ষ নেতা উপস্থিত থকাৰ লগতে যোগথলীত জিলা উপায়ুক্তও উপস্থিত থাকে। ইপিনে বাবা ৰামদেৱে যোগৰ সমান্তৰালভাৱে পতঞ্জলীৰ প্ৰডাক্টৰ বিষয়ে প্ৰচাৰ চলায়। অসম তথা বিটিএডিৰ আৰ্থ সামাজিক দিশৰ উন্নয়নত নিজকে ব্ৰতী কৰাৰ অঙ্গীকাৰ কৰি বাবা ৰামদেৱে শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি সদৰি কৰে।

তদুপৰি ভৱিষ্যতে এৰী, মুগা কাপোৰকে ধৰি হস্ততাত বস্ত্ৰশিল্পক লৈ উদ্যোগ নিৰ্মান কৰি অঞ্চলটোৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালি কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে বাবা ৰামদেৱে।

যোগ অনুশীলনৰ অন্তত বাবা ৰামদেৱে দুপৰীয়া বিটিচি সচিবালয়ত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য আৰু নিৰ্বাচিত সদস্যৰ লগতে বিটিচি সচিবালয়ৰ উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীৰ সতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয়। ইয়াৰ পিছতে বাবা ৰামদেৱে কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ ছিম্বৰগাঁৱত উপস্থিত হয়।