
মিছামাৰিঃ অসমৰ যুৱতীক বহিঃ ৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে নিয়াটো ডাঙৰ কথা নহয়৷ বহিঃৰাজ্যলৈ একাংশ লোকে যুৱতীক নি বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যত প্ৰায়ে এনে ঘটনা সংঘটিত হৈ আহিছে৷ তাৰ মাজতে, শোণিতপুৰৰ মিছামাৰী ৰেল ষ্টেছনত অসমৰ ৬গৰাকী যুতী সহ আটক হ’ল জম্মু-কাশ্মীৰৰ এজন যুৱক৷
শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিউ মিছামাৰী ৰেল ষ্টেছন ৬গৰাকী কিশোৰ-কিশোৰীক সংস্থাপন দিয়াৰ প্ৰলোভনেৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰলৈ লৈ যোৱাৰ সময়তে স্থানীয় আছা, আটছা এবছুৰ কৰ্মকৰ্তাই হুমায়ুং নাজিৰ দাৰিয়াল নামৰ যুৱকজনক আৰক্ষীৰ সহযোগত আটক কৰাৰ লগতে ৬গৰাকী কিশোৰক উদ্ধাৰ কৰে৷ জানিব পৰা মতে, মিছামাৰীৰ শংকৰ মুণ্ডা নামৰ এজন মধ্যস্থাকাৰীৰ সহযোগত শ্ৰীনগৰৰ যুৱক হুমায়ুংয়ে যোৱা ১৭নৱেম্বৰত অসমলৈ আহিছিল৷
মিছামাৰীলৈ আহি যুৱকজনে সোণাপুৰৰ শংকৰ মুণ্ডাৰ ঘৰত থাকে৷ পিছত অঞ্চলটোৰ কিশোৰ কিশোৰীক বিভিন্ন প্ৰলোভনৰে পতিয়ান নিয়াই মঙলবাৰে দিনৰ প্ৰায় ১ বজাত মিছামাৰীৰ ৰেল ষ্টেছনত ৰেলৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে স্থানীয় আছা, এবছু আৰু আটছা কৰ্মকৰ্তা সকলে ষ্টেছনত উপস্থিত হৈ মিছামাৰী আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰী কেইজনক উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰী জম্মু কাশ্মিৰৰ শ্ৰীনগৰ জিলাৰ হুমায়ুং নাজিৰ দাৰিয়াল নামৰ যুৱক জনক আটক কৰে৷ ইপিনে এই সন্দৰ্ভত আছাৰ ঢেকীয়াজুলি আঞ্চলিকৰ সভাপতি সুৰেশ তাঁতীয়ে দিয়া এজাহাৰ ভিত্তিত এক গোচৰ ৰুজু কৰি ধৃত যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷