
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দূৰ্গম এলেকাৰ চকীহ'লাত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ সহ ৪ জন উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হয়৷ জিলা আৰক্ষীয়ে ২০ নৱেম্বৰৰ নিশা চকীহ'লাৰ সাধাৰণ এলেকাত অভিযান চলাই ৪জন উগ্ৰপন্থীক অস্ত্ৰ-শস্ত্ৰ সহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
আৰক্ষীৰ দলটোৰ পৰা এটা একে ৫৬ ৰাইফল, এটা ৫৬ৰ মেগজিন, একে ৫৬ৰ ৪জাঁই সজীৱ গুলীৰ লগতে এটা ৭'৬৫ পিষ্টল, এটা মেগজিন আৰু ৭'৬৫ পিষ্টলৰ ৩জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কেএনএলএফৰ আগষ্টিন টেৰণওৰফে আকাশ (৩৩), প্ৰাক্তন ইউপিডিএছ কেডাৰ মঙল চিং তেৰাঙ ওৰফে পানচুন ইংতি (২৪), কেপিএলটি কেডাৰ ববীচন ৰংহাঙ ওৰফে কাৰ্দম ৰংহাঙ (২৭) আৰ প্ৰাক্তন কেপিএলটি কেডাৰ অনিল ইংতি ওৰফে আলম (২৭)৷
উগ্ৰপন্থীৰ দলটোৱে চাহ বাগিচাৰ দুজন কৰ্মচাৰীক অপহৰণ কাৰ্যত জড়িত আছিল৷ এই সন্দৰ্ভত বৰপথাৰ থানাত ভূক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছিল৷ অপহৰণ কৰা দুয়োজনকে আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে আৰক্ষীৰ সূত্ৰটোৱে প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়া অনুসৰি উগ্ৰপন্থীৰ দলটোৱে অধিক অপহৰণ কাৰ্য সংঘটিত কৰিবলৈ পৰিকল্পনা কৰিছিল৷ ইফালে প্ৰাক্তন উগ্ৰপন্থী সদস্য সকল পুণৰ এনে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা কাৰ্যত সচেতন মহলে উদ্বিগ্ন হৈ পৰিছে৷