বিহপুৰীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান, এজনৰ মৃত্যু

লালুকঃ লখিমপুৰ জিলা প্ৰশাসনে মঙলবাৰে বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লালুক বিহপুৰীয়াত ঘাইপথৰ দাতিত অবৈধ ভাবে সজোৱা বাসস্থান উচ্ছেদ কৰে৷ চৰকাৰী ভূমিত একাংশ লোকে অবৈধ ব্যৱসায় প্ৰতিস্থান গঢ়ি তুলিছিল৷ লখিমপুৰ জিলাৰ উপায়ুক্ত বৰুণ ভূঞা, বিহপুৰীয়া ৰাজহ চক্ৰ বিষযা দিপ্তী মৰাঙ, লাট মণ্ডল, গাঁওবুঢ়া আৰু লালুক আাৰক্ষীৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলে৷

বিগত তিনি মাহৰ পূৰ্বে উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও স্থানীয় ব্যৱসায়ীয়ে জিলা উপায়ুক্তক জনোৱা অনুৰোধৰ বাবে স্থগিত হৈ আছিল৷ সময় উকলি যোৱাৰ পাছত পুনৰ সপ্তাহ পূৰ্বে দিন ঘোষণা কৰি এই উচ্ছেদ চলাই৷ অৱশ্যে মঙলবাৰে উচ্ছেদৰ পূৰ্বেই একাংশ ব্যৱসায়ীয়ে চৰকাৰী ভূমি খালী কৰি দিছিল যদিও একাংশই কৰা নাছিল৷ দোকান সমুহ ভঙাৰ লগতে ভঙাৰ সময়ত উক্ত স্থানত থকা সা-সামগ্ৰী সমুহ জব্দ কৰি লৈ যায়৷

ইফালে উক্ত উচ্ছেদ অভিযানৰ মাজতে এখন দোকানৰ চালৰ টিনপাত খুলিবলৈ গৈ ওপৰৰ পৰা তললৈ পৰি এজন লোক গুৰুত্বৰ ভাৱে আহত হয় আৰু পাছত উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথত ৰাস্তাতে মৃত্যু ঘটে৷ নিহত লোকজন লালুক গড়মূৰৰ শ্যামল কৰ্মকাৰ (৪২)৷ লোকজনৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷উল্লেখ্য যে উচ্ছেদ অভিযানৰ ফলত একাংশ ব্যৱসায়ী তীব্ৰ লোকচানৰ সন্মুখীন হোৱাৰ লগতে একাংশৰ জীবিকা নাইকিয়া হৈ পৰিল৷