নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সাংবাদিকক, সাংবাদিক সুৰক্ষা মঞ্চৰ তীব্ৰ গৰিহণা

ডিব্ৰুগড়/গুৱাহাটীঃ ত্ৰিপুৰা ৰাজ্যিক ৰাইফলচে এগৰাকী সাংবাদিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃৃষ্টি কৰিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ এখন জনপ্ৰিয় দৈনিক বাতৰি কাকত চন্দন পত্ৰিকাৰ এজন সাংবাদিক সুদ্বীপ দত্ত ভৌমিক(৫০)ক ত্ৰিপুৰা ৰাজ্যিক ৰাইফলচৰ নন্দু ৰিয়াং নামৰ জোৱান এজনে নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰে। হত্যাকাৰী জোৱান নন্দু ৰিয়াঙক পিচত গ্ৰেপ্তাৰ কৰা হয়।

ঘটনাতো আগৰতলাৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ দুৰৰ আৰ কে নগৰত থকা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলচৰ ২য় বেটেলিয়ানৰ হেডকোৱাৰ্টাৰত সংঘটিত হয়।মৃত সাংবাদিক গৰাকীয়া তালৈ বাতৰি সংক্ৰান্তীয় তথ্য সংগ্ৰহ কৰিবলৈ যাওতে নন্দু ৰিয়াঙ নামৰ জোৱানজনৰ লগত কথাত কটাকটি হয় আৰু ঘটনাতো তৰ্কযুদ্ধত পৰিনত হয়।পৰিস্থিতি অধিক উত্তপ্ত হোৱাত নন্দু ৰিয়াং নামৰ জোৱানজনে হিতাহিত জ্ঞান হেৰুৱাই সাংবাদিক গৰাকীলৈ লক্ষ্য কৰি গুলী চালনা কৰে আৰু ঘটনাস্থলীতেই সাংবাদিক সুদ্বীপ দত্ত ভৌমিকৰ মৃত্যু হয়।

ত্ৰিপুৰাত পুনৰ সাংবাদিক হত্যৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আগৰতলাৰ সমীপৰ বুধ ঝুম নগৰত সংবাদ সংগ্ৰহ তথা আগৰতলাৰ ইন্দ্ৰা নগৰস্থিত টিএছআৰৰ কেম্পত যোৱাৰ সময়তে তেওক গুলীয়াই হত্যা কৰে৷ সাংবাদিক হত্যাৰ ঘটনাই উত্তেজনাৰ সৃষ্টি হৈছে৷ ইয়াৰ পূৰ্বে যোৱা ২০ ছেপ্তেম্বৰত সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰিছিল। ইন্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)-এ অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে 'দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক মণ্ডাই নামৰ ঠাইত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰে।

পিছত সাংবাদিকগৰাকীক কিছু দূৰৈত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে। লগে লগে তেওঁক আগৰতলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল। সুদীপ দত্ত ভৌমিকক কৰ্তব্যৰত অৱস্থাত চৰকাৰী নিৰাপত্তাৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ ঘটনাক সাংবাদিক সুৰক্ষা মঞ্চ, অসমে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে। সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে দিনক দিনে দেশত সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে বুলি কৈ গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে বুলি কয়৷