সীমান্ত চেতনা মঞ্চই ২৪ নৱেম্বৰত ৬ খন জিলাত পালন কৰিব ‘দেশভক্তি সমাবেশ’

গুৱাহাটীঃ ৰাজ্যৰ ৬ খন জিলাত একেদিনে একে সময়তে ৬৩টা স্থানত লাচিত দিৱস পালন কৰিব সীমান্ত চেতনা মঞ্চ নামৰ অনুষ্ঠানটোৱে৷ সীমান্ত চেতনা মঞ্চই বীৰ লাচিত দিৱসৰ লগত সংগতি অহা ২৪ নৱেম্বৰত ‘দেশভক্তি সমাবেশ’ নামেৰে পালন কৰিব লাচিত দিৱসৰ।

ৰাজ্য খনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৮ খন জিলা ক্ৰমে ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, কাছাৰ, কৰিমগঞ্জ আৰু ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ মুঠ ৬৩টা স্থানত এই সমাবেশ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

৮ খন জিলাৰ মুঠ ৪৮টা ছেক্টৰ, সীমান্তৱৰ্তী জিলাৰ ১৪খন মহকুমা, সদৰ স্থান, নগৰ আৰু ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীতো এই অনুষ্ঠান উদযাপন কৰা হ’ব। মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবত বুধবাৰে সীমান্ত চেতনা মঞ্চই এখন সংবাদ মেল অনুষ্ঠিত কৰি পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চৰ সভাপতি ড০ কমলা কান্ত চহৰীয়া আৰু উপ-সভাপতি বিনিতা ভাগৱতীয়ে কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট স্থানবোৰত আগতীয়া আয়োজনৰ পৰ্যবেক্ষণৰ কাৰণে সংগঠনটোৰ বিষয়-ববীয়াসকলক দায়িত্ব দিয়া হৈছে বুলি কয়।

স্থানীয় আয়োজক সমিতি সমূহ প্ৰশাসন আৰু সুৰক্ষা বাহিনীৰপৰা অনুমতি লৈ কাম কাজ কৰি থকা বুলিও কয় সীমান্ত চেতনা মঞ্চৰ নেতৃত্বই৷ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ একোখনকৈ জনসভা। ইয়াত কমেও একোজনকৈ বক্তা নিশ্চিত কৰি দিয়া হ’ব আৰু তেওঁলোকে ৰাষ্ট্ৰীয় সুৰক্ষা, দেশৰ সুৰক্ষা আৰু নাগৰিকৰ কৰ্তব্যৰ ওপৰত ৰাইজৰ সৈতে মত বিনিময় কৰিব।