সোণৰ অসম গঢ়িম আমি, উখল-মাখল দিখৌমুখ মহাবিদ্যালয়

গৌৰীসাগৰঃ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যৎ৷ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যৎ বাবেই এতিয়াৰ ছাত্ৰই শিক্ষা গ্ৰহণৰ সমানে সমানে সমাজ, সভ্যতা, পৰম্পৰা, কৃষ্টি-সংস্কৃতি আদিৰ কথা ভাবে৷ হয়, তাৰে প্ৰমাণ কৰে শিৱসাগৰ জিলাৰ দিখৌমুখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ দিখৌমুখ মহাবিদ্যালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে মহাবিদ্যালয় সপ্তাহ৷

প্রথম দিনাৰ কাৰ্য্যসূচীত পূৱাৰ ভাগত পতাকা উত্তোলন কৰে দিখৌমুখ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্রৱক্তা হৰেণ চেতিয়াই৷ পিছত স্মৃতি তৰ্পন কাৰ্য্যসূচীৰ মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে দেৱন হাজৰিকাই৷ সাংস্কৃতিক শোভাযাত্রাৰ উদ্ধোধন কৰে সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক শৰত হাজৰিকাই৷ 

বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি ঐতিহ্য আৰু পৰম্পাৰৰ উৎকৃষ্ট নিৰ্দশনেৰে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্র ছাত্রী সকলে অংশ গ্রহণ কৰে শোভাযাত্রাত৷ শোভাযাত্ৰাত অসমৰ থলুৱা জনগোষ্ঠীৰ পৰম্পৰা, সংস্কৃতি প্ৰদৰ্শন কৰি আকৰ্ষিত কৰে ৰাইজক৷

অসমৰ বৰ্ণিল সংস্কৃতি ৰঙালী বিহু, দিহানাম, মিচিং সকলৰ পৰম্পৰাগত নৃত্য গোমৰাগ আৰু ঐনিতম, ৰাভা সকলৰ নৃত্য, অসমৰ ধানখেতি, বিয়া, মহাপুৰুষ শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা আৰু বহু কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি বাটৰুৱাক আপ্লুত কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ সমাজৰ পৰা অপায় অমংগল বিনাশ কৰাৰ বাবে তথা ঐক্য সংহতিৰ বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে সোণৰ অসম গঢ়াৰ প্রয়াস বুলি কয় ছাত্ৰ-ছাত্ৰীসকলে৷