ডিঙি কাটি হত্যা, একেটা গাতত পুতি থৈছিল ৰেণ্টু-গোবিনক

চতিয়াঃ একাংশ লোক যেন ক্ৰমান্বয়ে হিংস্ৰ হৈ পৰিছে৷ মৰম, ভালপোৱা, মানৱতা, সকলো যেন লাহে লাহে পাহৰিব ধৰিছে৷ মানুহে মানুহক আক্ৰমণ কৰিব হৈছে৷ সাধাৰণ কথাৰ গইনা লৈ তথা আক্ৰোশ পূৰণৰ বাবে নিশাৰ আন্ধাৰত হত্যা কৰিব পৰা হৈছে মানুহে মানুহক৷ একাংশ মানুহে যেন এতিয়া মানুহক হত্যা কৰি আসুৰিক তৃপ্তি লাভ কৰে৷ তাৰ মাজতে এই খন অসমতে দুজন লোকক হত্যা কৰি এটি গাতত পুতি থোৱাৰ দৰে সংঘটিত হয়৷

এই ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ চতিয়া বিধান সভা সমষ্টিত৷ চতিয়াৰ তেজালপট্টি চাহ বাগিচাৰ এটা পৰিয়ালৰ ভায়েক আৰু ককায়েকক হত্যা কৰি গাতত পুটি থোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, যোৱা দেওবাৰৰ পৰা ৰেণ্টু ভক্ত (৪৫) আৰু গোবিন ভক্ত (৪৮) নামৰ দুয়ো ভাতৃ নিৰুদ্দেশ হয়৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি শুংসুত্ৰ উদ্ধাৰ কৰিব পৰা নাছিল দুয়ো ভাতৃৰ৷

কিন্তু বাগিচাৰ ফেক্টৰীৰ পিছফালে এডোখৰ ঠাইত তেজৰ দাগ তথা মাটি খন্দা প্ৰত্যক্ষ কৰে একাংশ শ্ৰমিকে৷ শ্ৰমিকসকলে এই কথা ৰেণ্টু ভক্ত আৰু গোবিন ভক্তক পৰিয়ালক খবৰ দিয়ে৷ কেইজনমান শ্ৰমিকে এই কথা পৰিয়ালৰ লোকক অৱগত কৰাৰ লগে লগে পৰিয়ালৰ লোক উক্ত স্থানত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে৷ চতিয়া আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷

চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাই দণ্ডাধীশৰ উপস্থিতিত গাত খান্দি দুটা মৃতদেহ উদ্ধাৰ কৰে৷ দুয়োটা মৃতদেহ ৰেণ্টু ভক্ত আৰু গোবিন ভক্তৰ বুলি পৰিয়ালে চিনাক্ত কৰে৷ ডিঙি কাটি হত্যা কৰি গাতত পুতি থয় ৰেণ্টু ভক্ত আৰু গোবিন ভক্তক৷ দণ্ডাধীশৰ উপস্থিতিত গাতৰ পৰা উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে হত্যাকাণ্ডৰ সৈতে জড়িত লোকক আটক কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷