
খেৰণিঃ বনজ সম্পদ ৰক্ষ্ৰাষা কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে ৰাজ্যৰ বনজ সম্পদ ৰক্ষ্ষা কৰিবলৈ সক্ষ্ষম হোৱা নাই৷ বিভিন্ন ঠাভত নৈৰ বালি অবৈধ খনন, পাহাৰ ধ্বংস, হাতী-গঁড়ৰ হত্যা কাণ্ড সংঘটিত হৈ আহিছে৷ তাৰ মাজতে কাৰ্বি পাহাৰতো অব্যাহত আছে অবৈধ আৰু অমানৱীয় বন ধ্বংস যজ্ঞ আৰু বন্যপ্ৰাণী নিধন কাণ্ড৷
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ একাংশ বনদস্যুৱে অবাধ গতিত কাৰ্বি পাহাৰৰ পৰা বগা শিলৰ লগতে চোৰাং কাঠ সৰবৰাহত ইতিমধ্যে উঠিপৰি লগা পৰিলক্ষিত হৈছে। বনদস্যুৰ অবৈধ কাণ্ডৰ সত্যতাৰ প্ৰমান পুনৰ দিলে বুধবাৰে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মকৰো-ৰংখেলানত চোৰাং কুণ্ডাভৰ্তি এখন ট্ৰাক জব্দ কৰা ঘটনাই৷ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত তথা খেৰণিৰ পৰা প্ৰায় ৫৫-৬০ কিঃমিঃ নিলগৰ মকৰো-ৰংখেলানত বনদস্যুৰ বিৰুদ্ধে অভিযান চলাই খেৰণি বন বিভাগে৷
বন বিষয়া ৰুস্তম তিমুঙৰ নেতৃত্বত চলোৱা অভিযানত অভিযানকাৰী দলটোৱে চোৰাং কাঠৰ সৈতে এখন কুণ্ডাভৰ্তি ট্ৰাক প্ৰত্যক্ষ কৰে। অভিযানকাৰী দলটোৱে কুণ্ডাভৰ্তি ট্ৰাক খন পলায়ন কৰাৰ চেষ্টা কৰে যদিও বিভাগৰ দলটোৱে প্রায় এক লাখ টকা মূল্যৰ কুণ্ডাসহ কুণ্ডাভৰ্তি ট্ৰাকখন জব্দ কৰে আৰু খেৰণিস্থিত বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনে। ইতিমধ্যে বন বিষয়া আৰু বনকৰ্মীয়ে জব্দ কৰা ট্ৰাকখনেৰে বনদস্যুৱে কাৰ্বি আংলঙৰ পৰা মুল্যবান গছ কাটি চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰি আহিছিল৷