লংকাত শ্ৰেণীকোঠাৰ অভাৱত দুটা কোঠাত পাঁচটা শ্ৰেণীক পাঠদান

লংকাঃ ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ উন্নয়নৰ ঢাক-ঢোলৰ বজোৱাৰ বিপৰীতে জকাইচুকৰ বিদ্যালয়ৰ পয়ালগা ছবি এখন আজিও স্পষ্ট৷ ব্যক্তিগত বিদ্যালয়ৰ কৰাল গ্ৰাসত এতিয়া যেন ৰাজ্যৰ শিক্ষা বিভাগ তথা চৰকাৰী বিদ্যালয় কেইখন৷ ধন থাকিলেহে শিক্ষা আহৰণ তেনে এক প্ৰথাই আৰম্ভ হ'বলৈ ধৰিছে নেকি অসমত? ইংৰাজী মাধ্যম তথা ব্যক্তিগত খণ্ডৰ আটকধুনীয়া গৃহৰ মোহত বন্দী নেকি এতিয়াৰ শিক্ষা ব্যৱস্থা৷

শ্ৰমিক, বনুৱা, দৰিদ্ৰ, খাতিখোৱা-দিনহাজিৰা কৰা লোক সকলৰ লৰা-ছোৱালীয়ে শিক্ষা আহৰণৰ বাবে থকা চৰকাৰী বিদ্যালয়কেইখনক পেংলাই কৰা হয় নেকি? শ্ৰমিক, বনুৱা, দৰিদ্ৰ, খাতিখোৱা-দিনহাজিৰা কৰা লোকসকলে জকাইচুকৰ চৰকাৰী বিদ্যালয়তে নিজৰ সন্তানক পঢ়াই ডাঙৰ মানুহ কৰিব খোজে৷ এনেবোৰ বিদ্যালয়তে পঢ়ি অসমৰ গ্ৰাম্য অঞ্চলৰ হাজাৰ যুৱক-যুৱতীয়ে ৰাজ্যখনৰ নাম উজলাই তুলিছে৷ চৰকাৰী বিদ্যালয়সমূহক অৱহেলা কৰাৰ অভিযোগ উত্থাপন হয়৷ বিদ্যালয়ত সাধাৰণ বৰষুণতে কৃত্ৰিম বানত কবলত পৰি ছাত্ৰ-ছাত্ৰীয়ে সমস্যাত পৰিব লগা হয়।

শ্ৰেণীকোঠা এজাক বৰষুণতে জলমগ্ন হৈ পৰে৷ বহুবল্কী তথা উন্নয়ণৰ গান গাই ভাল পোৱা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগটোৰ যথেষ্ট উন্নয়ন সাধন হৈছে বুলি সভা সমিতিয়ে প্ৰায়ে কৈ আহিছে৷ শিক্ষা মন্ত্ৰীয়ে যিমানে উন্নয়ণৰ কথা নকওঁক কিয় গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থা আজিও উন্নয়ণ হোৱা নাই৷ কেতিয়াবা যদি বিদ্যালয় গৃহৰ অভাৱত মুকলি আকাশৰ তলত শিক্ষা লাভ কৰিব লগা হয় কণ কণ শিক্ষাৰ্থীয়ে, আন কেতিয়াবা আকৌ পৰ্যাপ্ত শ্ৰেণী কোঠাৰ অভাৱত একেটা কোঠাটে শিক্ষকে পাঠ দান কৰিব লগা হয় দুটা তিনিটা শ্ৰেণীৰ শিক্ষাৰ্থীক৷ তাৰ মাজতে, হোজাই লংকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখিলে চকু কপালত উঠে৷ লংকা চহৰৰ পৰা নাতি দূৰত অৱস্থিত লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ পাঁচভাণ্ডাৰ নতুন প্ৰাথমিক বিদ্যালয়ত এতিয়া শিক্ষাৰ্থীৰ বিলাই বিপত্তি নোহোৱা হৈছে৷

শুনি আচৰিত হব যে, ২০০৩ চনত স্থাপিত হোৱা বিদ্যালয় খন প্ৰাদেশিকৰণ হোৱাৰ পিছৰ পৰা আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয় খনত পৰ্যাপ্ত পৰিমানৰ শ্ৰেণীকোঠা নিৰ্মাণ কৰা নাই৷ যোগান নধৰিলে ডেক্স বেঞ্চ৷ উপযুক্ত শ্ৰেণী কোঠা তথা ডেস্ক বেঞ্চৰ অভাৱত মজিয়াত বহি কণ কণ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰিব লগা হয়৷ সম্প্ৰতি বিদ্যালয় খনত ডেক্স বেঞ্চ বুলিবলৈ মাত্ৰ দুযোৰহে৷ তাৰোপৰি বিদ্যালয় খনৰ দুটা শ্ৰেণী কোঠাতেই শিক্ষকে পাঠদান কৰিব লগা হৈছে পাচোটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক৷ বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষ বিদ্যালয় খনৰ অভাৱ অভিযোগৰ বিষয়ে বাৰম্বাৰ অৱগত কৰি আহিছে যদিও এই বিষয়ে আজি পৰ্যন্ত কোনো গুৰুত্ব আৰোপ কৰা নাই কৰ্তৃপক্ষই৷ যাৰ পৰিণতিত এতিয়া অশেষ কষ্টৰ মাজেৰে ভৱিষ্যত গঢ়াৰ সপোন দেখিছে কণ কণ শিক্ষাৰ্থী সকলে৷