
নলবাৰীঃ নলবাৰীত ২২ নৱেম্বৰত বোমা বিস্ফোৰণত নিহত লোকসকলক বুধবাৰে ৰাইজে স্মৰণ কৰে৷ বিগত ন’ বছৰ পূৰ্বে উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত অকালতে নিহত হোৱা নিৰীহ লোক সকলৰ প্ৰতি ৰাজহুৱা ভাৱে স্মৰণ কৰা হয়। উল্লেখ্য যে বিগত ২০০৯ চনত উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ সংঘটিত কৰিছিল নলবাৰীৰ থানা চ’কত।
বোমা বিস্ফোৰণত বহুকেইজন অসমীয়া আৰু বিহাৰী লোক নিহত হৈছিল। তদুপলক্ষে সাংবাদিক মজিবুৰ ৰহমানে আতঁ ধৰা এক অনুষ্ঠানত নিহত সকলৰ স্মৃতি ৰোমন্থন তথা আত্মাৰ সদগতি কামনা কৰে-জেষ্ঠ সাংবাদিক জীতেন শৰ্মা, বিশিষ্ট ব্যৱসায়িক মিন্টু দত্ত, সাংবাদিক সুভাষ ডেকা, আব্দুল মজিদ, অৰবিন্দ চক্ৰৱৰ্তী, জ্ঞানজ্যোতি শইকীয়াকে ধৰি বহু সংখ্যক লোকে একো গছি বন্তি প্ৰজ্বলন কৰি।