কৃষকৰ মৃতদেহ উদ্ধাৰ, সন্দেহজনক লোকে হত্যা কৰাৰ অভিযোগ

ছিপাঝাৰঃ নিজ ঘৰৰ পৰা ওলাই গৈ যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী কৃষকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ উত্তেদনাৰ সৃষ্টি কৰিছে দৰং জিলাত৷

দৰং জিলাৰ ছিপাঝাৰৰ কুৰুৱাত এই হত্যাকাণ্ড সংঘটিত হয়৷ কুৰুৱা ফুহুৰাতলী চাপৰিৰ খেতি পথাৰত প্ৰায়ে ব্যস্ত হৈ থকাৰ সময়তে আনন্দ দাস নামৰ কৃষকগৰাকী হঠাৎ নিৰুদ্দেশ হৈ পৰে৷

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো শুংসুত্ৰ উলিয়াব নোৱাৰাত অৱশেষত আৰক্ষীৰ ওচৰ চাপিছিল যদিও আৰক্ষীয়েও কোনো শুংসুত্ৰ উদ্ধাৰ কৰিব পৰা নাছিল কৃষক জনৰ৷ যোৱা ৪৮ ঘন্টা ধৰি পৰিয়ালটোৱে চিন্তাত পাৰ কৰিছিল৷

অৱশেষত বৃহস্পতিবাৰে একাংশ লোকে ফুহুৰাতলী চাপৰিৰ জংঘলত মৃতদেহ প্ৰত্যক্ষ কৰে৷ লগে লগে এই খবৰ ৰাজহুৱা হয়৷ একাংশ লোকে কৃষকজনক সন্দেহজনক লোকে হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰে৷ নামৰ খেতিয়ক জন হত্যাৰ বলি হয়৷