স্বৰচিত কবিতা প্ৰতিযোগিতা

দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈৰ প্ৰকাশন গোষ্ঠী জে জ্যোতি উত্তৰণ প্ৰকাশনে স্বৰচিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব৷ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া পাণ্ডুলিপি প্ৰতিযোগিতা বিজয়ী সকলক নগদ ধন, গ্ৰন্থৰ টোপোলাৰে পুৰস্কৃত কৰা হ'ব।

প্ৰতিযোগিতাত একাদশ বৰ্ষৰ পৰা ৩০ বছৰ বয়সৰ সকলো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব৷ প্ৰতিযোগিতাত ৩ টাকৈ কবিতা জমা দিব লাগিব৷ জয়ন্ত ৰাজবংশী, সম্পাদক, জে জ্যোতি উত্তৰণ প্ৰকাশন, খাৰখোৱাপাৰা ঠিকনাত কবিতা সমূহ জমা দিব পাৰিব নতুবা 8751905782 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷