
কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত যোৱা ২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা বাবা ৰামদেৱৰ বিনামুলীয়া যোগ প্ৰশিক্ষণ আৰু ধ্যান শিৱিৰৰ বৃহস্পতিবাৰে অন্তিম দিনৰ কাৰ্যসূচীত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি বহু সংখ্যক ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰে। বিটচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুসময় ধৰি বাবা ৰামদেৱৰ সতে একেলগে যোগাভ্যাস কৰে।
বাবা ৰামদেৱৰ সতে একেলগে যোগৰ অনুশীলন কৰাৰ অন্তত সংবাদমাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো চৰকাৰৰ টপ প্ৰাইয়'ৰিটি (Top priority) বুলি মন্তব্য আগবঢ়ায়। কংগ্ৰেছৰ আমোলত স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে কোকৰাঝাৰত মেডিকেল কলেজৰ আধাৰশীলা স্থাপন কৰাৰ কথাটো সাংবাদিকে উনুকিয়াই দিয়াত "মই পাহৰিলো, মেডিকেল কলেজৰ বাবে আমি মাটিহে চাইছিলো" বুলি মন্তব্য কৰি কোকৰাঝাৰত এইবাৰ মেডিকেল কলেজ স্থাপন কৰাত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিব বুলি পুণৰাই প্ৰতিশ্ৰুতি প্ৰদান কৰে।
তদুপৰি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰো উন্নয়ন সাধন কৰা হব হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ইপিনে বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অভিনেতা বুলিলে কেৱল বিজু ফুকনক হে চিনি পাইছিলো বুলি মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাই বিজু ফুকনৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে বৃহৎ ক্ষতি বুলি মত প্ৰকাশ কৰিছে।