প্ৰতি ঘৰে দিলে চাউল-ধান-কল, থৈ আহিল পাহাৰত

বঢ়মপুৰঃ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীক খাদ্যৰ যোগহান ধৰিলে এখন গাঁৱৰ ৰাইজে৷ এজন প্ৰকৃতিপ্ৰেমীৰ পৰামৰ্শ কৰি এই পন্থা গ্ৰহণ কৰিলে ৰাইজে৷ ঘৰে ঘৰে চাউল, ধান, কল আদি সংগ্ৰহ কৰি পাহাৰৰ দাতিত হাতীৰ বাবে থৈ অহাত এটিৰ হাতীৰ জাকে চাউল, ধান, কল আদি ভক্ষণ কৰাত আনন্দিত হৈ পৰে ৰাইজ৷ ৰাজ্যত হাতী-মানুহৰ সংঘাত আছে অব্যাহত থকাৰ মাজতে এই পন্থা অৱলম্বন কৰে চাপানালাৰ লোকে৷

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে ৰাজ্যৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে এই পন্থা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়ে প্ৰকৃতি প্ৰেমী বিনোদ দুলুৱে৷ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী চাপানালা-বালিজুৰি অঞ্চলত প্ৰতি নিশা বনৰীয়া হাতীয়ে চলাই আহিছে সন্ত্ৰাস৷ যাৰ পৰিণতিত নিদ্ৰাহৰণ হৈছে ৰাইজৰ৷ খেতি পথাৰ, ঘৰ-বাৰি, ভাঙি পেলোৱাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকৰ মৃত্যু হৈছে৷

বন বিভাগ শুই আছে যদিও অঞ্চলবাসীক বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ প্ৰায়াস কৰিছে গ্ৰীণ গাৰ্ড নেশ্বাৰ অৰ্গেনাইজেছনেৰ কৰ্মীয়ে। চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ সহযোগত স্থানীয় ৰাইজৰ ঘৰে-ঘৰে হাতীৰ খাদ্য-সামগ্ৰী সংগ্ৰহ কৰি বালিজুৰি পাহাৰৰ দাঁতিত হাতীক ভোগা দি হাতীক ক্ষান্ত কৰাৰ চেষ্টা কৰে৷ বনৰীয়া হাতীৰ প্ৰতি বিদ্বেষ ভাব পৰিহাৰ কৰি বন্যহস্তীক পুৰ্বপুৰুষৰ দৰে পুঁজিবলৈ আহ্বান জনাই দুলুৱে। ইফালে ৰাইজে আগবঢ়োৱা ভোগ বনৰীয়া হাতীৰ এটা জাকে ভক্ষণ কৰাত ৰাইজ আনন্দিত হৈ পৰে৷