
গোলকগঞ্জঃ ৰাজ্যৰ ৬ খন জিলাৰ লগতে সীমান্ত চেতনা মঞ্চই ধুবুৰী জিলাতো ২৪ নৱেম্বৰত ধুবুৰী নগৰ সহ ৮টা কৈ ছেক্টৰত দেশভক্তি সমাবেশ অনুষ্ঠিত কৰিব৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰকে ধৰি ৮টাকৈ ছেক্টৰ সমিতিয়ে এই দিৱস পালন কৰিব৷
২৪ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপনৰ প্ৰস্ততি প্ৰায় সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ৷ চেতনা মঞ্চৰ ধুবুৰী জিলা সম্পাদক ৰমেন্দ্ৰনাথ দাসে প্ৰত্যেক বৰ্ষৰ দৰে এই বেলিও অহা ২৪ নৱেম্বৰত ধুবুৰী সদৰ আৰু ৰনপাগলী ছত্ৰশাল, বিষখোৱা, লক্ষীমাৰী, কেদাৰ, বেৰভাংগী, ধৰ্মশালা আৰু পাটাত এই সমাবেশ অনুষ্ঠিত হ’ব বুলি কয়৷
একেদিনে একে সময়তে ৬৩টা স্থানত লাচিত দিৱস পালন কৰিব সীমান্ত চেতনা মঞ্চ নামৰ অনুষ্ঠানটোৱে৷ সীমান্ত চেতনা মঞ্চই বীৰ লাচিত দিৱসৰ লগত সংগতি অহা ২৪ নৱেম্বৰত ‘দেশভক্তি সমাবেশ’ নামেৰে পালন কৰিব লাচিত দিৱসৰ। ৰাজ্য খনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৮ খন জিলা ক্ৰমে ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, কাছাৰ, কৰিমগঞ্জ আৰু ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ মুঠ ৬৩টা স্থানত এই সমাবেশ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
স্থানীয় আয়োজক সমিতি সমূহ প্ৰশাসন আৰু সুৰক্ষা বাহিনীৰপৰা অনুমতি লৈ কাম কাজ কৰি থকা বুলিও কয় সীমান্ত চেতনা মঞ্চৰ নেতৃত্বই৷ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ একোখনকৈ জনসভা। ইয়াত কমেও একোজনকৈ বক্তা নিশ্চিত কৰি দিয়া হ’ব আৰু তেওঁলোকে ৰাষ্ট্ৰীয় সুৰক্ষা, দেশৰ সুৰক্ষা আৰু নাগৰিকৰ কৰ্তব্যৰ ওপৰত ৰাইজৰ সৈতে মত বিনিময় কৰিব।