
তুলসীবাৰী/ৰঙিয়াঃ একক চিত্ৰ প্ৰদৰ্শনী, কলা নিৰ্দেশনা তথা আৱক্ষ মুৰ্ত্তি নিৰ্মাণ কৰি অসমীয়া জাতিক গৌৰৱান্বিত কৰিছে শিল্পী বীৰেন সিংহই৷ ১৯৫১ চনৰ ১৩ এপ্ৰিলত কামৰূপ জিলাৰ ছয়গাঁৱত জন্ম গ্ৰহণ কৰা বীৰেন সিংহ দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল৷ সিংহৰ পিতৃ শিলভঙা শ্ৰমিক আছিল৷ আৰ্থিক অনাটনৰ বাবে কম বয়সতে হাজিৰা কৰিব লগা হৈছিল৷ বীৰেন সিংহই উপাৰ্জনমুখী হ'ব লগাত পৰাত প্ৰায় ১৬ বছৰ বয়সত জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহে৷
গুৱাহাটীত ৰিক্সা চলোৱা, চাইনবৰ্ড লিখাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কৰি তেওঁ জীৱন নিৰ্বাহ কৰিব লগাত পৰে৷ তেও এটা সময়ত কাৰ্বি আংলঙলৈ যায়৷ তাত তেও শিল্পী ৰূপে আত্মপ্ৰকাশ কৰে৷ এইগৰাকী শিল্পীক সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে এইবেলি বাঘ হাজৰিকা সম্প্ৰীতি বঁটা প্ৰদান কৰিব৷ ৰাজ্যৰ বৰেণ্য লোকসকলৰ আৱক্ষ মূৰ্ত্তি নিৰ্মাণ কৰি স্মৃতি যুগমীয়া কৰি ৰখাৰ চেষ্টাত ব্ৰতী হৈ থকা সিংহই ভাস্কৰ্য শিল্পক নতুন গতি প্ৰদান কৰিছে৷
ইতিমধ্যে তেওঁ ডিগবৈ, নগাঁও আৰু গুৱাহাটীত সুধাকণ্ঠৰ আৱক্ষ মূৰ্ত্তি, গুৱাহাটীত বিষ্ণু প্ৰসাদ ৰাভা, ফনী শৰ্মা, স্বামী বিবেকানন্দৰ লগতে কৈলাশ শৰ্মাৰ আৱক্ষ মূৰ্ত্তি নিৰ্মাণ কৰিছে৷ ভাস্কৰ্য শিল্পৰ জৰিয়তে শিল্প জগত খনক সমৃদ্ধিশালী কৰি অহা প্ৰচাৰ বিমুখ শিল্পীগৰাকীৰ শিল্প কলাৰ স্বীকৃতি হিচাবে বাঘ হাজৰিকা সম্প্ৰীতি বঁটা সংগঠনটোৱে প্ৰদান কৰিব৷ অহা ২৯ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাবে প্ৰদান কৰিব সংগঠনটোৱে৷ বঁটাৰ সৈতে মানপত্ৰ, শৰাই, জাপি, ফুলাম গামোচা, চেলেং চাদৰ আদিৰ লগতে নগদ ধন আদি প্ৰদান কৰা হ’ব বুলি সংগঠনটোৰ সম্পাদক মতিউৰ ৰহমানে জানিবলৈ দিয়ে৷