অভয়াপুৰীত ই-ৰিক্সাৰ বিৰুদ্ধে তীব্ৰ অভিযান

অভয়াপুৰীঃ ডিজিটেল ইণ্ডিয়াৰ অন্যতম চমক ই-ৰিক্সাৰ বিৰুদ্ধে চলিল অভিযান৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত জিলা পৰিবহন বিভাগে পঞ্জীয়ন অবিহনে অবৈধ ভাবে চলাচল কৰি থকা ই-ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাবলৈ বাধ্য হয়। পৰিবহন বিভাগৰ পৰিদৰ্শক নীতু চেতিয়াৰ নেতৃত্বত চলা এই অভিযানত পঞ্জীয়ন বিহীন ভাবে চলাই থকা মুঠ ১৬ খন ই-ৰিক্সা জব্দ কৰে পৰিবহণ বিভাগে।

প্ৰায় ১৫ দিন পূৰ্বে জিলা পৰিবহন বিভাগে ই-ৰিক্সা সমূহক পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও এই নিৰ্দেশক আওকাণ কৰি ই-ৰিক্সা সমূহে চলাচল অব্যাহত ৰাখিছিল।ইপিনে পৰিবহন বিভাগৰ এই অভিযানত ই-ৰিক্সা সমূহৰ চালকৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

একাংশ যুৱকে বেংক অথবা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋন লৈ ই-ৰিক্সা ক্ৰয় কৰিছে যদিও পৰিবহণ বিভাগে আকস্মিক ভাবে চলোৱা অভিযানত হাহাকাৰ লাগে। অঞ্চলটোৰ একাংশ সচেতন ব্যক্তিয়ে অভয়াপুৰী চহৰ অঞ্চলত নিয়মবৰ্হিভূত ভাবে চলাচল অব্যাহত ৰখা ই-ৰিক্সা সমূহৰ চলাচল বন্ধ কৰি কেৱল উপপথ সমূহত ই-ৰিক্সাৰ চলাচল অব্যাহত ৰখাৰ দাবী জনায়।