কালিকা লগা বৃহস্পতিবাৰ, বালিপৰাত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিজনৰ

বালিপৰাঃ কালিকা লগা বৃহস্পতিবাৰে ৰাজ্যৰ ৰাজ পথত প্ৰাণ ললে কেইবাগৰাকী লোকৰ৷ পুৱাই নগাঁও জিলাৰ কলিয়াবৰত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ গৈছিল ৪গৰাকী লোকৰ৷ কলিয়াবৰ আমগুৰিত AS-02-AC-2739 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰেভেলাৰ আৰু NL-04-D-5204 নম্বৰৰ এখন তীব্ৰবেগী ৰন্ধন গেছ পৰিবাহী ট্ৰাকৰ মাজত কলিয়াবৰৰ আমগুৰিত মুখামুখি সংঘৰ্ষ লাগে৷

নোম'ন নামৰ ট্ৰেভেলাৰ খন নগাঁৱৰ পৰা যোৰহাট অভিমুখে গৈ থকাৰ সময়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গতি ৰোধকত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক খনৰ সৈতে মুখামুখি সংঘৰ্ষত লগাত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হৈছিল৷

এই খবৰ ৰাজ্যত শোকাকুল পৰিবেশে বিৰাজ কৰাৰ সময়তে এইবাৰ শোণিতপুৰৰ ৰাজ পথত মৃত্যুৰ কিৰিলি শুনা গ’ল৷ ৰাজ পথত তিনিটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি মৰ্মাহত হৈ পৰিছে ৰাইজ৷ জানিব পৰা মতে, AS-12-C-6811 নম্বৰ এখন টিভিএছ বাইক চলাই থকা অৱস্থাত তিনি যুৱকক কোনো অচিনাক্ত গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ কৰে ৰাইজে৷

যাৰ ফলত তিনিও যুৱকৰ থিতাতে মৃত্যু হয়৷ কোনো অচিনাকি গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ ফলত থিতাতে নিহত হয় যুৱককেইজনৰ। দূৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে গাড়ীখন। এতিয়ালৈ যুৱককেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। শোনিতপুৰৰ বালিপৰাৰ মিট ছাপ্লাইৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা