ৰাষ্ট্ৰপতিৰ সুৰক্ষাৰ বাবে অনা চিপাহী নিজেই অসুৰক্ষিত

গুৱাহাটীঃ দেশৰ ৰাষ্ট্ৰপতিক সুৰক্ষা দিবলৈ অহা অসম আৰক্ষীয়ে অসুৰক্ষিত অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ মৃত্যু বৰণ কৰাৰ লগে লগে চিপাহী বিদ্ৰোহ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীত৷ গুৱাহাটী মহানগৰীত ৰাষ্ট্ৰপতি অহাৰ সময়ত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিবৰ বাবে শিৱসাগৰৰ পৰা অসম আৰক্ষীৰ কিছু জোৱানক গুৱাহাটীলৈ অনা হৈছিল৷

তেওঁলোকক এক অস্বাস্থ্যকৰ পৰিবেশত ৰূপনগৰ হাইস্কুলৰ মজিয়াত শুবলৈ দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হয়৷ এনে এক অস্বাস্থ্যকৰ পৰিবেশত থাকোতেই উপেন দিহিঙিয়া নামৰ চিপাহীজন ডেংগুত আক্ৰান্ত হয়৷ পিচত তেওঁক চিকিৎসালয় এখনত ভৰ্তি কৰা হয় যদিও জোৱান জনে মৃত্যুক আকোৱালি লয়৷

এই ঘটনাই কেম্পত থকা চিপাহী সকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে আৰু তেওঁলোকে কৰ্তৃপক্ষৰ বিৰুদ্ধাচৰণ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে৷ বিক্ষোভ দমন কৰিবৰ বাবে চি আৰ পি এফৰ জোৱান নিযুক্ত কৰা হয় যদিও তেওলোকে ঘটনা চম্ভালিবলৈ অসমৰ্থ হয়৷ জোৱান সকলে আনকি উত্তেজিত হৈ আৰক্ষী বিষয়াকো আক্ৰমণ কৰে৷ কৰ্তৃপক্ষৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভিত হৈ শীঘ্ৰে ওভতাই পথাবলৈ দাবী জনায়৷