দলংঘাটত প্ৰাক্তন ছাত্ৰনেতাক স্মৰণ

দলংঘাটঃ অসম আন্দোলনৰ শ্বহীদক স্মৰণ কৰে দলংঘাটত। ১৯৮০ চনৰ ২৪ নৱেম্বৰত অসম অন্দোলনত শ্বহীদ হৈছিল প্ৰবীণ মহন্তৰ ।মহন্তৰ ৩৩ তম মৃত্যু তিথি শুকুৰবাৰে দলংঘাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক পৰাগ চহৰীয়া, সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা, সদৌ ওদালগুৰি ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, কলাইগাঁৱ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃন্ময় হাজৰিকাৰ লগতে দলংঘাট অঞ্চলৰ প্ৰাক্তন ছাত্ৰ নেতা।